কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কান্দলা বন্দৰৰ ক্ষমতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰকল্পৰ সৈতে ৫৭,০০০ কোটি টকাৰ সম্ভাব্য বিনিয়োগ ঘোষণা কৰে
কান্দলা বন্দৰত বৃহৎ জাহাজ নির্মাণ প্রকল্পৰ বাবে ৩০,০০০ কোটি টকাৰ বিনিয়োগ
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আজি গুজৰাটৰ কান্দলা বন্দৰত ৫৭,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগেৰে বন্দৰটোৰ ক্ষমতা বৃদ্ধিৰ বাবে গুৰুত্বপূর্ণ পদক্ষেপ ঘোষণা কৰে।
এই দুটা গুৰুত্বপূৰ্ণ ঘোষণাৰ ভিতৰত আছে ৩০,০০০ কোটি টকাৰ বিনিয়োগেৰে এটা নতুন বৃহৎ জাহাজ নির্মাণ প্রকল্প। আনটো গুৰুত্বপূৰ্ণ ঘোষণা হ’ল কান্দলা ক্ৰীকৰ বাহিৰত ২৭,০০০ কোটি টকাৰ বিনিয়োগেৰে এটা নতুন কাৰ্গ’ টার্মিনেলৰ বিকাশ, যিয়ে কান্দলা বন্দৰত প্ৰতি বছৰে অতিৰিক্ত ১৩৫ মেট্রিক টন ক্ষমতা যোগ দিব। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে কান্দলা বন্দৰত এই ক্ষমতা সম্প্ৰসাৰণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দা ৱৰ্ল্ড’ দৃষ্টিভংগীৰ এক শক্তিশালী উপলব্ধি।
কান্দলা বন্দৰত নতুন মেগা জাহাজ নির্মাণ সুবিধাই দেশত ৩.২০ লাখ টনলৈকে ক্ষমতাযুক্ত অতি বৃহৎ ব্রুড কেৰিয়াৰ (ভিএলচিচি) বা একেধৰণৰ জাহাজ নিৰ্মাণৰ কাৰিকৰী সামর্থ্য বিকাশ কৰিব। এই সুবিধাৰ অধীনত প্ৰতি বছৰে ৩২ খন নতুন জাহাজ নির্মাণ আৰু ৫০ খন পুৰণি জাহাজ মেৰামতি কৰাৰ ক্ষমতা থাকিব। এই প্রকল্পটোৱে বাণিজ্যিক স্বার্থ ত্বৰান্বিত কৰাৰ লগতে নিযুক্তিৰ যথেষ্ট সম্ভাৱনা প্রশস্ত কৰিব।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “এই নতুন বিনিয়োগে বিকশিত ভাৰতৰ দিশত অর্থপূর্ণ অৱদানক গতি দিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমি আমাৰ দেশত বন্দৰ ক্ষমতা বৃদ্ধিৰ দিশত নিৰন্তৰ কাম কৰি আছোঁ, যিয়ে কেৱল বিকাশৰ পথকে আগুৱাই নিনিয়ে, লগতে ভাৰতক বিশ্বৰ এক আগশাৰীৰ বন্দৰ তথা সামুদ্রিক মঞ্চ হিচাপে পৰিগণিত কৰিব। কান্দলাত নতুন জাহাজ নির্মাণ সুবিধা হৈছে মোদী ডাঙৰীয়াৰ ‘মেক ইন ইন্ডিয়া, মেক ফৰ দা ৱৰ্ল্ড’ দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ প্ৰকাশ।”
আনহাতে, বন্দৰটো সবল কৰাৰ প্ৰচেষ্টাত কান্দলা ক্ৰীকৰ বাহিৰত টুনা অভিমুখে এক নতুন অত্যাধুনিক বন্দৰ বিকশিত কৰি থকা হৈছে। এই নতুন বন্দৰটো ৬ কিলোমিটাৰ ধৰি উপলব্ধ ৱাটাৰফ্ৰণ্ট ব্যৱহাৰ কৰি বিকশিত কৰা হ’ব।
লগতে ভাষণ প্রদান কৰি সৰ্বানন্দ সোণোৱালে কয়, “বন্দৰসমূহ দেশৰ অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ প্রাণকেন্দ্র, যিয়ে দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে গুৰুত্বপূৰ্ণ সংযোগ হিচাপে কাম কৰে। আমাৰ দেশৰ বিকাশৰ উচ্চাকাংক্ষা পূৰণ কৰিবলৈ বন্দৰ আন্তঃগাঁথনিত ক্ষমতা বৃদ্ধি কৰাটো অত্যাৱশ্যকীয়। কান্দলা বন্দৰত নতুন সুবিধা সৃষ্টিয়ে কেৱল ইয়াৰ কার্যকলাপ যথেষ্ট বৃদ্ধি কৰাই নহয়, লগতে শুকান আৰু তৰল কাৰ্গ’ৰ পৃথকীকৰণৰ জৰিয়তে দক্ষতা অধিক বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ আৰু দূৰদৰ্শী নেতৃত্বত ভাৰতে ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ হোৱাৰ দিশত দৃঢ়তাৰে আগবাঢ়িছে। বন্দৰসমূহ এই যাত্ৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ, সেয়েহে বন্দৰ নেতৃত্বাধীন উন্নয়নত আমি বিশেষ অগ্রাধিকাৰ দিছোঁ।”