কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো অনুষ্ঠিত হয় এয়াৰ ৰেইড মক এক্সাৰচাইজ  

কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো অনুষ্ঠিত হয় এয়াৰ ৰেইড মক এক্সাৰচাইজ  
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি সমগ্ৰ দেশজুৰি অনুষ্ঠিত হোৱা যুদ্ধকালীন সুৰক্ষা ম’কড্ৰীলৰ সমান্তৰালকৈ ডিব্ৰুগড়তো যুদ্ধৰ সময়ত আকাশমাৰ্গেৰে হ’ব পৰা আক্ৰমণৰ সময়ছোৱাত ল’বলগীয়া সাৱধানতা তথা সুৰক্ষা মূলক ব্যৱস্থাৰ ওপৰত এক ম’কড্ৰীল কাৰ্যসূচী আজি (৭-৫-২০২৫) বিয়লি ৪-০০ বজাত ডিব্ৰুগড় চহৰৰ মাজ মজিয়াস্থিত ব্যস্ততাপূৰ্ণ এলেকা জয়ন্ত দত্ত পথ (ক’ল ৰোড) ত অনুষ্ঠিত হয়।  ডিব্ৰুগড় জিলা প্ৰশাসন, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ  তত্বাৱধানত অনুষ্ঠিত হোৱা এই ম’কড্ৰীলত  অসম আৰক্ষী,  এন ডি আৰ এফ , এন চি চি, স্কাউট আৰু গাইড, অগ্নি-নিৰ্বাপক আৰু  জৰুৰীকালীন সেৱা বিভাগ, বিদ্যুৎ বিভাগ তথা স্বাস্থ্য বিভাগৰ লগতে ব্যৱসায়িক সন্থাই অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী (ভাঃপ্ৰঃসে) আৰু আৰক্ষী অধীক্ষক  ভি ভি ৰাকেশ ৰেড্ডী এই ম’কড্ৰীলত উপস্থিত থাকি সমগ্ৰ কাৰ্যসূচীৰ বুজ লয়। এই ম’কড্ৰীলৰ পাছতে এলেটোত সন্ধিয়া ৬.৩০ বজাৰ পৰা ৭ বজালৈকে ব্লেক আউটৰ অনুশীলন কৰা হয় ।