কেন্দ্রীয় কেবিনেটৰ বিজ্ঞানসম্মত ঐতিহাসিক সিদ্ধান্তই সমাজিক ন্যায় প্রদানৰ জৰিয়তে “চৰকা সাথ-চবকা বিকাশ” নিশ্চিত কৰিবঃ দিলীপ শইকীয়া

কেন্দ্রীয় কেবিনেটৰ বিজ্ঞানসম্মত ঐতিহাসিক সিদ্ধান্তই সমাজিক ন্যায় প্রদানৰ জৰিয়তে “চৰকা সাথ-চবকা বিকাশ” নিশ্চিত কৰিবঃ দিলীপ শইকীয়া
শ্বিলং-শিলচৰ সংযোগী চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথে উত্তৰ-পূৱৰ যাতায়ত ব্যৱস্থাক নতুন মাত্রা প্রদান কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় কেবিনেটে ২০২৫ চনত হ’ব লগীয়া লোকপিয়লত জাতিগত জনগননাৰ বাবে গ্রহণ কৰা সিদ্ধান্তক ভাৰতীয় জনতা পার্টি, অসম প্রদেশে আদৰণি জনাইছে। বিষয়টো সন্দর্ভত প্রকাশ কৰা এটা বিবৃতিত বাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে উক্ত বিজ্ঞানসন্মত তথা ঐতিহাসিক সিদ্ধান্তই দেশত সামাজিক ন্যায়ৰ নিশ্চিত প্রতিশ্রুতি বহন কৰিছে। বিবৃতিত শইকীয়াই উল্লেখ কৰে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত ছটা দশকত শক্তিশালী নীতিগত সিদ্ধান্ত আৰু দেশৰ সামাজিক বিন্যাসৰ উপযুক্ত তথ্য সংগ্ৰহৰ ব্যৱস্থাৰ অভাৱত সামাজিক ন্যায় মাথো শ্লোগানতহে পৰিলক্ষিত হৈছিল। লগতে ইয়াৰ ফলত চৰকাৰী নীতি নিৰ্দ্ধাৰণ আৰু বাজেট আবন্টনৰ দৰে গুরুত্বপূর্ণ বিষয়তো উপযুক্ত পদক্ষেপ সম্ভৱ হোৱা নাছিল। এই ঐতিহাসিক ভুলৰ শুধৰণিৰ লগতে দেশৰ অর্থনৈতিক ভাবে পিছপৰা শ্ৰেণীৰ লোক, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ উন্নয়ন নিশ্চিত কৰাৰ কাৰণে কেবিনেটৰ সিদ্ধান্ত নির্ণায়ক হিচাপে বিবেচিত হ’ব। উক্ত সিদ্ধান্ত দেশৰ সামাজিক ন্যায় আন্দোলনৰ পথিকৃৎ ৰাম মনোহৰ লোহিয়া, কপূৰী ঠাকুৰৰ দৰে মহান ব্যক্তিত্বৰ প্ৰতিও প্রকৃত শ্রদ্ধাঞ্জলি হিচাপে বিবেচিত হ’ব বুলি সভাপতি শইকীয়াই মত প্রকাশ কৰে। দৰাচলতে পূৰ্বতে অনুমান আৰু ধাৰনানিৰ্ভৰ ভাবে দেশৰ অর্থনৈতিক ভাবে পিছপৰা শ্ৰেণীৰ লোক, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ উন্নয়নকল্পে গ্রহণ কৰা আঁচনি- প্রকল্প সমূহে সামাজিক সমতা স্থাপন কৰি দেশৰ সকলো স্তৰৰ জনসাধাৰণক সামুহিক উত্তৰণৰ দিশলৈ লৈ যোৱাত বাধাৰ সৃষ্টি কৰিছিল। আগন্তুক ২০২৫ চনৰ লোকপিয়লত ইয়াৰ বিপৰীতে বিজ্ঞানসন্মত আৰু তথ্যনির্ভব আঁচনি-প্রকল্প প্রস্তুত কৰণত কেবিনেটৰ সিদ্ধান্ত সহায়ক হ’ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে প্রকাশ কৰে। প্রকৃতাৰ্থত সামাজিক ন্যায়ৰ বিষয়টো কেবল মাত্র ৰাজনৈতিক ইছুৰ বিপৰীতে ৰাজনৈতিক সদিচ্ছাৰ বাস্তবসম্মত পদক্ষেপলৈ ৰূপান্তৰ কৰাত বৰ্তমানৰ ব্যৱস্থাই সম্ভব কৰি তুলিব। বিগত সময়ছোৱাত প্রধানমন্ত্রী নবেন্দ্র মোদী ডাঙৰীয়াৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ চৰকাৰে সমাজৰ সকলো অংশৰ লোকক সামৰি দেশৰ পিছপৰা শ্রেণী সমূহৰ অধিকাৰ আৰু প্রতিনিধিত্বৰ বাবে বিভিন্ন বলিষ্ঠ পদক্ষেপ গ্রহণ কৰি আহিছে। প্রধানমন্ত্রীৰ “চবকা সাথ-চবকা বিকাশ” নীতিব পূর্ণ প্রতিফলনেৰে লোকপিয়ল ২০২৫ সন্দর্ভত কেবিনেটে গ্রহণ কৰা সিদ্ধান্তই দেশৰ পিছপৰা শ্ৰেণীৰ সর্বাংগীন উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰৰ দায়বদ্ধতাক পুনৰবাৰ প্ৰতিপন্ন কৰাৰ লগতে “এক ভাৰত শ্রেষ্ঠ ভাৰত” গঢ়িতোলাৰ বাবে ক্ষুদ্র ক্ষুদ্র জাতি-জনগোষ্ঠী সমূহৰ অংশীদাৰিত্ব নিশ্চিত কৰিব বুলি শইকীয়াই উল্লেখ কৰে। আনহাতে কেন্দ্রীয় কেবিনেটে শ্বিলঙৰ পৰা শিলচৰলৈ ২২,৮৬৪ কোটি টকা ব্যয় সাপেক্ষে ১৬৬ কিলোমিটাৰ চাবিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণৰ বাবে গ্রহণ কৰা সিদ্ধান্তকো বিজেপি অসম প্রদেশে আদৰণি জনায়। এই সিদ্ধান্তই অসমষ, মেঘালয়ৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যাতায়ত তথা যোগাযোগ ব্যবস্থা সুচল কৰি তুলিব বুলি উল্লেখ কৰি বাজ্যিক সভাপতি শইকীয়াই প্রধানমন্ত্রী নৰেন্দ্র মোদীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।