কেনেকৈ সহো দুখ
প্ৰভাত বণিয়া
(ড০গণেশ্বৰ চহৰীয়া দেৱৰ পৱিত্ৰ স্মৃতি সুঁৱৰি)
তেওঁ আহিব নে নাহে আকৌ ঘূৰি
হৃদয়ৰ জপনা খুলি ৰাখিছোঁ
বিনিদ্ৰ ৰাতিটোয়ে চকুলো টুকি তেবুলখনলৈ চাই
হুমুনিয়াহ কাঢ়িছে হিয়াধাকুৰি কান্দি আছে তেবুল খন
কিতাপবোৰ অ’ত ত’ত আউলি-জাউলি হৈ পৰি আছে
কলমটো নিথৰ হৈ ৰৈ আছে
তেওঁ আহিব
কিতাপ বোৰক আঁকোৱালি লৈ আলফুলে নিচুকাব
কলমটো চেনেহেৰে হাত ফুৰাই সাবটি ল’ব
শুভ বাৰ্তালৈ তেওঁ আহিব নতুন আঁচনিৰ কথা পাতিব
আমি শুনিম তেওঁৰ সুমধুৰ সাদৰী ভাষণ
হৃদয়ৰ জপনা খুলি ৰাখিছোঁ
তেওঁ আহিব।
