কেনেকৈ বিদায় জনাম তোমাক
মন্দিতা চেতিয়া গগৈ
ৰাজগড়, ডিব্ৰুগড়
যাওঁ বুলিয়েই যে যাবলৈ ওলালা,
কিমান সময়নো হৈছিল
আমাৰ মিলনৰ বেলা !!
ব্যস্ততা ভৰা জীৱনত
ভালদৰে পতাই নহ’ল তোমাৰ সতে কথা।
তোমাৰ পৰশতে কুসুম ফুলিছিল-
হৃদয়ত গীতৰ লহৰ উঠিছিল,
থাকাচোন কাষতে অলপ সময়
জুৰ পৰক মোৰ হিয়া ।
মনত আছেই ছাগে তোমাৰ
সৌ সিদিনাহে হৈছিল আমাৰ দেখা ।
লাজ লাজ ভাৱেৰে
কাষ চাপি গৈছিলো তোমাৰ ,
আঁচলত সজতনে গাঁঠি লৈছিলো
তোমাৰ স্নেহৰ মধুৰ ঝংকাৰ ।
তোমাৰ স্পৰ্শত দুখৰ জোলোঙাটো
কিছু পাতলিছিল,
সুখৰ প্ৰাপ্তিয়ে দুৱাৰত টুকুৰিয়াইছিল।
লাহেকৈ বৈ যাব দিলোঁ
আবেগৰ ঢল-
তোমাৰ সান্নিধ্যৰ উমাল পৰশত
সিক্ত মোৰ হৃদয়,
চঞ্চলা জুৰিটিৰ দৰে
বাৰে বাৰে বৈ যাব খোজে
তোমাৰ কাষলৈ।
ধৰি ৰাখিব পৰা হ’লে
এই গতিশীল সময়,
মোৰ জীৱনৰ সোণোৱালী ক্ষণ।
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি পৰিছে
নতুন আশা, নতুন দিগন্ত
মোৰ হাতত ধৰি আগুৱাই নিলা তুমি
সৃষ্টিৰ পথাৰত শইচ বুটলিবলৈ বুলি ।
প্ৰকৃতিৰ নিয়মৰ বান্ধোনত বন্দী আমি,
সেয়ে ন-সূৰুজৰ ন কিৰণ যাওঁ বিচাৰি।
আজি পুৰণিৰ বিদায়ৰ বেলা
নৱ প্ৰভাতে উদ্ভাসিত কৰক মোৰ জীৱন
নতুন সাজেৰে পাতিব পাৰোঁ যাতে ৰঙৰ মেলা।