কেনেকৈ পাহৰোঁ
শৈলেন কুমাৰ, মিৰ্জা
কেনেকৈ পাহৰোঁ
সেই সোণালী দিনবোৰৰ কথা
প্ৰতিটো পথ উপপথটেই
যে স্মৃতিৰে সমাধিস্থ
মনত ৰঙীন সপোন
হৃদয়ত বাস্তৱৰ দলিচা
শীত,গ্ৰীষ্ম,শৰৎ,হেমন্ত
ঋতুপৰ্ণ সুবাস বিস্তাৰিত
সুগন্ধি বিভোৰ,উৎফুল্লিত আবেগ
জীৱনৰ জেউতিৰে আত্মপ্ৰকাশ
অনন্ত জগতত,প্ৰকৃতিৰ বিননি
বাকৰুদ্ধ মোৰ দুচকুৰ স্বপ্ন
সেউজীয়াত সেউজ হৈ
বিলীন হ’ম,যাত্ৰা যে অবিৰত
বহুৰঙী ৰংবোৰ কৰি স্পৰ্শ
সীমাহীন হাবিয়াস
কেতিয়াবা জানো বিচাৰি পাম
হেৰুওৱা জীৱন মৰ্ম
