কেনভাছ – মুন শৰ্মা

Pc Pexels

কেনভাছ

মুন শৰ্মা, লখিমপুৰ

 নিৰিবিলি ৰাতিৰ উন্মুক্ত আকাশত
দেখা পাওঁ,, অসংখ্য ৰং তোলা,  এখন ছবি।
চিকমিক তৰাৰ মাজত মাত্ৰ তোমাৰ  যেন এমুঠি কলাজ
 বিচাৰি যাওঁ মাথোঁ তোমাৰ,
তুমি দিব খোজা আবতৰীয়া সেই মৰম,
নীৰৱতাৰ বেহুত আবদ্ধ নিসংগ মোৰ নিশা বোৰত।
মাথোঁ হাবিয়াস, তোমাৰ কাষতে কিজানি পাওঁ,
অনাবিল আনন্দ  আৰু অজস্ৰ সুখ,
দুখৰ শেলাই পৰা মোৰ  মলিন  ফপৰা হিয়াৰ  বাবে।
আপোন পাহৰা হৈ  ৰও মই, তুমি তুমি লগা প্ৰতিটো ক্ষণত।
জাৰজ পুৱাত  সৰা নিয়ৰৰ   কণিকা মুকুতাৰ,
দিনান্তৰৰ  এটি সেউজীয়া সপোন,
হৃদয় মণিকূটৰ এপাহ  গোলাপ,
যেন, দাপোনৰ এখনি ধুনীয়া ছবিৰ কলাজ,
তুমি তুমি লগা এটি উৰণীয়া মৌ,
 মৰহা ফুল যেন কলিজা খনত,
প্ৰাণ পাই তোমাৰ আগমনত।
দিশে দিশে প্ৰতি দিশে যেন তুমি,
 সদৌটি  আবদ্ধ  প্ৰতি নিশাৰ প্ৰতি পলৰ,
 এখনি কেনভাছত  তৰা ভৰা ৰজনী গগণত।