কেতিয়াবা নিজানত ভাৱো- জুলী মৰাণ গগৈ

Pc- National Geographic Society

কেতিয়াবা নিজানত ভাৱো

দূৰ দূৰনিত থকা বালিচৰ বিলাক
দেখিব বৰ ধুনীয়া ।
ৰ’দালিৰ এচেৰেঙাত
যেন নামি অহা মনি মুকুতাৰ চিকমিকনি ।
চাই থাকিলে চাই থাকিব মন যায় |
বালিচৰ বিলাক
যদি সদায় এনেকৈ থকা হ’লে
বৰ ভাল লাগিল হয় ।
চাই থাকোতে চকুৰ সন্মুখতে
কেতিয়া পানীয়ে উটুৱাই লৈ যায়
বালিচৰৰ সেই মোহনীয়তা
একো চিনচাপে নাথাকে ।
ভাৱিলে দুখ লগা দৃশ্য …!
তোমাৰ মোৰ মাজত থকা ভাল লগা
মুহুৰ্তবোৰ দৰে
 সকলোবোৰ ক্ষন্তকীয়া…!
কেতিয়াবা বৰ আৱেগে হেঁচা মাৰে
ভাল লগাবোৰ মানুহবোৰ
ভাল লগা দৃশ্যবোৰ সদায় ক্ষন্তেকীয়া !!
জুলী মৰাণ গগৈ
তিনিচুকীয়া