কেইবাটাও কাৰ্যসূচীৰে মাজুলীত উপস্থিত জিলা খনৰ অভিভাৱক মন্ত্ৰী যোগেন মহন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব পোৱাৰ পিছত প্ৰথমটো চৰকাৰী কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় মন্ত্ৰী যোগেন মহন । মাজুলীলৈ প্ৰথম আহিয়েই মুগা খেতি পৰিদৰ্শন আৰু মুগা পালকৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী গৰাকীৰ।
সমষ্টিটোৰ অন্তৰ্গত গেজেৰাৰ এনাইচুকত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত মাজুলী জিলা ৰেচম বিভাগৰ উদ্যোগত আৰু বিধায়ক পুঁজিৰ ১০ লাখ টকাৰ আৰ্থিক সহযোগিতাৰে উদ্যমী মুগা পালকসকলৰ মাজত মুগা আৰু এৰী পলুৰ সঁচ বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে।
ইয়াৰ পাছত মন্ত্ৰী গৰাকীয়ে প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰখনত মাজুলীৰ যুৱ প্ৰজন্মক সঠিক পথ প্ৰদৰ্শনৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত আৰম্ভ কৰা জেংৰাই মুখ মহাবিদ্যালয়ৰ ‘অন্বেষণ study Centre’ ৰ শুভ উদ্বোধন কৰি মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ কাৰিকৰী সহযোগিতাত মূদৈবিলত বৃহৎ পৰিসৰত কৰা ভোট জলকীয়াৰ খেতি পৰিদৰ্শন কৰি এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে কৃষক ৰাইজক এই খেতিত অধিক মনোনিৱেশৰ বাবে উৎসাহ যোগায়।
তাৰ পাছত মন্ত্ৰী গৰাকীয়ে জম্বুকচুকত এটি পথৰ আধাৰশিলা স্থাপন কৰি আগন্তক পঞ্চায়ত নিৰ্বানৰ বাবে জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত মিত্ৰ জোঁটৰ দলীয় কৰ্মী সকলৰ সৈতে দলীয় মিটিঙত অংশগ্ৰহণ কৰে ।