কেঁচা সোণৰ বাকৰি – আয়শা ছিদ্দিকা

Pc Chico State

কেঁচা সোণৰ বাকৰি

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

সোণোৱালী কেঁচা সোণৰ
দলিছা পাৰি আদৰি লয়
কৃষকৰ কঠোৰ শ্ৰমৰ সেই
পাৰিশ্ৰমিকৰ হিচাপৰ গড়।

সেমেকা শীতৰ কুঁৱলীৰ আছন্ন
সেই চিকুণ পুৱাত কপা কপা
হাতেৰে কাঁচি লৈ ওলাই যোৱাৰ
চিৰ চিনাকী সেই দৃশ্যৰ দিয়ে উমান।

য’ত কঢ়িয়াই আনে মান্ধাতাযুগীয়া
স্মৃতিৰ লগতে শীতৰ পুৱাবেলি
কৃষকৰ শৰীৰৰ সেই অমূল্য ঘাম
আৰু অতুলনীয় পৰিশ্ৰমৰ সমাচৰ।

কেঁচা সোণৰ সেই সৰু সৰু
মুঠিত লুকাই থাকে কত
নব্য পুৰণি সপোনৰ স্তুপ আৰু
তৃপ্তিৰ হাঁহিৰ আঁৰৰ পুৰণি ৰহস্য।

শৈশৱৰ সেই মধুৰ সময় যেন
এই  কেঁচা সোণৰ পথাৰত আৱদ্ধ
আঘোণৰ মৃদু স্পৰ্শত গা কৰি উঠে
আকৌ নতুন সময়ত নতুন ৰূপত।