কৃষ্ণ ভক্তি ৰসত বিলীন শুৱালকুছি ৰাসস্থলী
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- হে প্ৰভু সনাতন ,গোপীৰ সঙ্গে কৰে ৰাসলীলা //জগতক তুমি প্ৰভু মায়াৰে বান্ধিলা//
আধুনিক প্ৰযুক্তিবিদ্যাই সকলোফালে গা কৰি উঠাৰ সমান্তৰালকৈ সমাজখনক যান্ত্ৰিকতাৰ কৱলত পৰা সাময়িক ভাৱে মুক্ত ৰাখি আধ্যাত্মিক ভাবধাৰাৰে সমাজৰ মাজত একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়োজন হয় এনে কিছুমান অনুষ্ঠানৰ । শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন শৰতৰ তেনে এক ভক্তিভাবৰ অনুষ্ঠান । যোৱা ১৫ নৱেম্বৰ ২০২৪ তাৰিখৰ পৰা শুৱালকুছি বালিচৰত এঘাৰ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩২ সংখ্যক ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ অনুষ্ঠিত হয় | ইয়াৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে” কৃষ্ণামৃত” নামৰ এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি আহিছে । এইবেলি ২৩ নৱেম্বৰ তাৰিখে উদ্যোক্তা সকলে” অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি , অখিল ভাৰতীয় সাহিত্য পৰিষদ,অসমৰ সভাপতি তথা সু-সাহিত্যিক মৃনালিনী দেৱীৰ লগতে তেখেতৰ সুযোগ্য সন্তান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলন প্ৰাধ্যাপক তথা সু -বক্তা ,সাহিত্য একাডেমিৰ অনুবাদ বঁটা প্ৰাপক ড০ দিগন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে | ইয়াৰ লগতে উপস্থিত থাকে বুদৰাম মাধব সত্ৰাধিকাৰ মহাবিদ্যালয় অধ্যক্ষ তথা স্মৃতিগ্ৰন্থ উপ সমিতিৰ সভাপতি ড০ নিহাৰ ৰঞ্জন কলিতা প্ৰমুখ্যে মৃনাল দাস,মলিন কলিতা,ৰঞ্জিত মহন্ত আদি গন্য মান্য ব্যক্তিসকল । সমবেত সংগীতেৰে আৰম্ভ কৰা সভাখনৰ আঁত ধৰে ম্মৃতিগ্ৰন্থৰ সম্পাদ্বয় শিক্ষক দুলু কলিতা আৰু অধ্যাপক অতুল চন্দ্ৰ দাসে । সভাত বিশিষ্ট ব্যক্তিসকলৰ লগতে লেখক,লেখিকাক একোখন কৃষ্ণামৃত আৰু ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়।ভাষণ প্ৰসংগত মৃনালিনী দেৱী আৰু ড০ দিগন্ত বিশ্ব শৰ্মাই শ্ৰীকৃষ্ণৰ ৰাস সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তত্ত্বগধুৰ ব্যক্তব্য আগবঢ়াই উপস্থিত ৰাইজক মোহিত কৰে , লগতে ৰাস উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনায়।