কৃষ্ণ কান্ত সন্দিকৈ মহাবিদ্যালয়ৰ যোগ বিভাগৰ সহকাৰী অধ্যাপক শেখৰ বড়োলৈ যোগ প্ৰাচোৰ্য্য সন্মান

কৃষ্ণ কান্ত সন্দিকৈ মহাবিদ্যালয়ৰ যোগ বিভাগৰ সহকাৰী অধ্যাপক শেখৰ বড়োলৈ যোগ প্ৰাচোৰ্য্য সন্মান

নয়নজ্যোতি তালুকদাৰ, গুৱাহাটী , ৰঙিলী বাৰ্ত্তাসেৱা- ষষ্ঠদশ অসম যোগ মহোৎসৱত কৃষ্ণ কান্ত সন্দিকৈ মহাবিদ্যালয়ৰ যোগ বিভাগৰ সহকাৰী অধ্যাপক শেখৰ বড়োক যোগ প্ৰাচোৰ্য্য সন্মানেৰে সন্মানিত কৰা হয় । উল্লেখযোগ্য যে ১২ ডিচেম্বৰ গুৱাহাটীত আৰম্ভ হোৱা যোগ মহোৎসৱখনি ২০২৩ চনৰ ১০ জানুৱাৰীত কলকাতাত সমাপ্তি হব । আনহাতে এই যোগ মহোৎসৱখনি আয়োজন কৰিছে গুৱাহাটীৰ ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰয়ে । সহযোগিতা কৰিছে সদৌ অসম যোগ মহাসংঘ ,পূৰ্বাঞ্চল মহিলা যোগ ফাউন্ডেশন আৰু সিদ্ধি যোগ চেন্টাৰে । যোগ মহোৎসৱৰ উদ্বোধনিৰ দিনাই শেখৰ বড়োক পুৰস্কৃত কৰা হয় লগতে ১৫ জন ব্যক্তিক বিভিন্ন সন্মানেৰে সন্মানিত কৰা হয় । উক্ত দিনা এই অনুষ্ঠানত উপস্থিত আছিল অসমৰ ৰাজ্যপাল প্ৰফেছাৰ জগদিশ মুখি, ভিয়াছা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰফেছৰ ৰামশৰণ জি ভত্ত আৰু ভাৰতীয় যোগ সংস্কৃতি আৰু চিকিৎসা কেন্দ্ৰ’ৰ প্ৰতিস্থাপক সভাপতি আচাৰ্য্য সুভাশিষ কৰ ।