কৃষ্ণাইৰ পাইকানৰ উচ্ছেদিত অঞ্চলত অঘটন
ৰঙিলী বাৰ্ত্তাসেৱা- গোৱালপাৰা জিলাৰ সংৰক্ষিত বনাঞ্চল পাইকানৰ বিদ্যাপাৰাত অনাকাংক্ষিত ঘটনা। উচ্ছেদিত লোক আৰু প্ৰশাসনৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ফলস্বৰূপে বৃহস্পতিবাৰে সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা কৃষ্ণাইৰ উচ্ছেদস্থলীত উপস্থিত হৈছিল আৰক্ষী-প্ৰশাসনৰ লগতে বন বিভাগৰ লোক ৷ এই দলটো দেখা মাত্ৰকে উচ্ছেদিত লোকসকলে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয় ৷ এই বাক-বিতণ্ডাৰ উপৰিও উচ্ছেদিত লোকসকলে ইটা, শিল, লাঠি, দা, কুঠাৰ আদি লৈ বন বিভাগৰ লোকক আক্ৰমণ কৰে। তেনেস্থলত প্ৰাণ ৰক্ষাৰ বাবে বন বিভাগৰ লোকে লোকসকলৰ ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত বিদ্যাপাৰাৰ ছাকুৱাত হুছেইন নামৰ এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে কুতুবুদ্দিন আলী নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয় ৷ আহত লোকজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ এই ঘটনাত বহুকেইজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে ৷ যাক কেন্দ্ৰ কৰি পৰিস্থিতি অধিক শোচনীয় হৈ পৰে আৰু উচ্ছেদিত লোকসকলে পাইকানৰ এখন বিদ্যালয়ৰ পুৰণি গৃহত অগ্নিসংযোগ কৰে ৷ অৱশ্যে এই কাৰ্যত জড়িত দুজন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই গোৱালপাৰাৰ পাইকানত হোৱা উচ্ছেদ তথা বৃহস্পতিবাৰে পুৱা উদ্ভৱ হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে পাইকানৰ উচ্ছেদিত অঞ্চলত গছপুলি ৰোপণ কৰাৰ লগতে যিসকল লোকে প্ৰশাসনৰ লোকৰ ওপৰত আক্ৰমণ চলাইছিল তেওঁলোকৰ ওপৰত গোচৰৰ ব্যৱস্থা লোৱা হ’ব ৷ আৰক্ষী-প্ৰশাসন আৰু উচ্ছেদিত লোকসকলৰ মাজত হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি আৰু গুলীচালনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়, ‘‘তাততো উচ্ছেদ হৈ গ’ল ৷ এতিয়া আমি গছ ৰোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ’ব, ব্যৱস্থা হ’ব ৷ কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা ৷’’