কৃষ্ণচূড়াৰ হাঁহি
দিপ্তী মনি গোস্বামী, লখিমপুৰ
বসুমতীয়ে নিপুণ হাতেৰে
সজাইছে নিজৰ সাজ
সেউজীয়াত ৰঙা ভমকাফুলীয়া
আচল মেৰিয়াই গাত।
জেঠৰ প্ৰখৰত যদিওবা
গা ইচাত-বিচাত কৰে
আবেলিৰ কৃষ্ণচূড়াৰ হাঁহিত
দেহা-মন শাত পৰে।
সূৰ্য উঠা দেশ আমাৰ
সেউজী ৰূপহী অসম
মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ
কৃষ্ণচূড়াৰ হাঁহিৰে চাৰিওদিশ নদন-বদন।