কৃষ্ণচূড়াত ফাগুন – এছ ইছলাম

PC - Wikipedia

কৃষ্ণচূড়াত ফাগুন

এছ ইছলাম, শিক্ষক, বৰপেটা
জুই জ্বলিছে
কৃষ্ণচূড়াৰ বনত
নৱ বসন্তৰ বতৰত
আজি বলিয়া ফাগুন।
কিমান নিশা পাৰ হৈ গ’ল
কিমান সন্ধিয়া বেলাৰ সাঁজে
কিমান ফুল সৰি পৰিল নীৰৱে
নীল আকাশ আগুৰিল
অধিক নীলা বৰণে।
মুগ্ধ হ’ব মন
তুমি উভতি আহিলে
মেঘ মালাৰ দেশত জ্বলিব
ৰঙৰ জুই
কৃষ্ণচূড়াৰ বনত
আজি বলিয়া ফাগুন।