কৃষ্টিমালা’ৰ সৌজন্যত ৰেণু শইকীয়াৰ গাম্ভীৰ্যপূৰ্ণ স্মৃতি চাৰণ অনুষ্ঠান সম্পন্ন

কৃষ্টিমালা’ৰ সৌজন্যত ৰেণু শইকীয়াৰ গাম্ভীৰ্যপূৰ্ণ স্মৃতি চাৰণ অনুষ্ঠান সম্পন্ন

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা–  অলপতে প্ৰয়াত ৰেণু শইকীয়াৰ পঞ্চম বাৰ্ষিক পুণ্যতিথি উপলক্ষে ‘কৃষ্টিমালা’ৰ সৌজন্যত আয়োজন কৰা হয় এক অনাড়ম্বৰ অনুষ্ঠান। এই অনুষ্ঠানতে সুলেখিকা শিক্ষয়িত্ৰী অৰূপা নাথে অসমীয়া গীতিসাহিত্যৰ অতীত আৰু বৰ্তমান সম্পৰ্কে এক আলোচনা আগবঢ়ায় । ইয়াৰ পাছতেই কামৰূপী লোকগীত পৰিবেশনেৰে সকলোকে মোহিত কৰে বিভা দাস বৰাই ।স্বৰচিত কবিতাপাঠ আৰু মননশীল কথাৰে যুৱছাত্ৰ নীলাভ নয়ন সন্দিকৈয়ে অনুষ্ঠানক এক অন্য মাত্ৰা প্ৰদান কৰে । ড° বীৰেন্দ্ৰ নাথ দত্তদেৱৰ গীত পৰিবেশন কৰে কৰ্মসূত্ৰে মুম্বাইত থকা দেৱজিত শইকীয়াই ।স্বৰচিত কবিতা পাঠ আৰু তত্বগধূৰ মন্তব্য আগবঢ়াই সকলোকে আপ্লুত কৰে কবি অধ্যাপক যুগল জ্যোতি বৰা, মৃগাংক বৰুৱাই, লগতে চিত্ৰশিল্পী মনজিৎ ৰাজখোৱাই সাৰুৱা বক্তব্য আৰু উপস্থিত সুধীজনে আন্তৰিক মত বিনিময়েৰে এক আবেগমধুৰ পৰিবেশৰ সৃষ্টি কৰে ।এই উপলক্ষতেই কণ কণ ছাত্ৰ ছাত্ৰীৰ বাবে কিছু গ্ৰন্থ প্ৰদান কৰো কৃতী শিক্ষক মণ্টু মৰাঙৰ হাতত ।অনুষ্ঠানটিক সমৃদ্ধ কৰি তোলা প্ৰতিজনলৈকে গভীৰ কৃতজ্ঞতা জনায় কৃষ্টিমালা’ৰ সম্পাদিকা পাপৰি শইকীয়া বৰাই।অনুষ্ঠানটি আঁত ধৰি সুন্দৰভাৱে আগুৱাই নিয়ে প্ৰতিভাবান যুৱছাত্ৰ প্ৰত্যাশ প্ৰশান্ত তামুলীয়ে। উল্লেখযোগ্য যে উদ্যোগতাক অগতানুগতিক এনে সুন্দৰ অনুষ্ঠানৰে প্ৰয়াত ৰেণু শইকীয়াক সন্মান দিয়া কৰ্মক সকলোৱে একে মুখে প্ৰশংসা কৰে।