কৃষ্টিমালা”ৰ সৌজন্যত অনুভৱী আবেলি

কৃষ্টিমালা”ৰ সৌজন্যত অনুভৱী আবেলি

ৰূপাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  অলপতে ‘কৃষ্টিমালা “ৰ সৌজন্যত অনুষ্ঠিত হয় –‘অনুভৱী আবেলি ” শীৰ্ষক এটি মনোজ্ঞ অনুষ্ঠান । বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক ‘গোলাঘাট বাণীজ্য মহাবিদ্যালয়”ৰ প্ৰাক্তন অধ্যক্ষ নন্দ বৰাদেৱৰ সোঁৱৰণীত অনুষ্ঠিত অনুষ্ঠানটি ‘গোলাঘাট ফাউণ্ডেছন’ৰ শিশু-পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । নন্দ বৰাদেৱৰ ৰচিত নিৰ্বাচিত কবিতাৰ আবৃত্তি পৰিবেশন কৰে নব প্ৰজন্মৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে । তেওঁলোক হ’ল এনিশা শইকীয়া, অণ্বেষণা চলিহা, মেঘৰাগিনী বৰা, সংগীতা বৰা , অভিজ্ঞান সন্দিকৈ , লেখাশ্ৰী হাজৰিকা আৰু কস্তুৰী শইকীয়া।

কবিতাসমূহৰ এক অনন্য বিশ্লেষণ আগবঢ়ায় বিশিষ্ট লেখক শিক্ষয়িত্ৰী অৰূপা নাথে । নন্দ বৰাদেৱৰ ৰচিত এটি গীতৰ পৰিবেশনেৰে সকলোকে মুগ্ধ কৰে প্ৰিয়াংকী শৰ্মাই । নন্দ বৰাদেৱৰ সান্নিধ্যৰ সোণালী সময় ৰোমন্থন কৰি বক্তব্য আগবঢ়ায় ৰেৱকান্ত শইকীয়া আৰু ধ্ৰুৱ কটকীয়ে । নন্দ বৰাদেৱৰ ভাতৃ নিৰ্মল বৰাদেৱে তেখেতৰ জীৱন-চৰ্যাৰ বিষয়ে এক মননশীল বক্তব্য আগবঢ়ায় ।

অনুষ্ঠানত চমু কিন্তু মনোজ্ঞ বক্তব্য আগবঢ়ায় কমলাক্ষী দত্ত , মৃগাংক বৰুৱা , মণ্টু মৰাং ,পৰাগ লহকৰ আদিয়ে ।

‘কৃষ্টিমালা “ৰ আৰম্ভণি গীত ‘ তোৰে-মোৰে আলোকৰে যাত্ৰাৰে ‘ আৰম্ভ হোৱা সভাখনি জাতীয় সংগীত পৰিবেশনেৰে অন্ত পৰে । ‘কৃষ্টিমালা “ৰ সভাপতি অৰিন্দম বৰা আৰু মুখ্য সম্পাদক পাপৰি শইকীয়া বৰাই অনুষ্ঠানটি সফলকাম কৰি তোলাৰ বাবে উপস্থিত সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছে ।