কৃষক আৰু মাছমৰীয়াসকলৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে ভাৰতেঃপ্ৰধানমন্ত্ৰী 

কৃষক আৰু মাছমৰীয়াসকলৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে ভাৰতেঃপ্ৰধানমন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাছিয়াৰে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰাৰ বাবে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ উপৰিও অতিৰিক্তভাৱে জৰিমণা হিচাপে পুনৰ ২৫ শতাংশ শুল্ক আৰোপ কৰিলে ড’নাল্ড ট্ৰাম্পৰ। ভাৰতৰ ওপৰত এইদৰে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিছে।কৃষকৰ স্বাৰ্থৰ সৈতে কোনো ধৰণৰ আপোচ নকৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে  কয়, ভাৰতে কেতিয়াও নিজৰ কৃষক আৰু মাছমৰীয়াসকলৰ স্বাৰ্থৰ সৈতে আপোচন নকৰে। ট্ৰাম্পৰ এই নতুন শুল্ক নীতিৰ বাবে হয়তো মূল্য দিব লাগিব, কিন্তু কৃষকৰ স্বাৰ্থৰ বাবেই এই মূল্য দিবলৈ সাজু।দেশৰ কৃষক, মাছমৰীয়া আৰু পশুপালকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ ভাৰত সদায় সাজু।  দিল্লীৰ আইচিএআৰ পুছাত অনুষ্ঠিত এমএছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত এই ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।উল্লেখ্য যে, বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত জৰিমণা হিচাপে অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁৰ মতে, ভাৰতে এতিয়াও ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে। সেয়ে শাস্তি হিচাপে ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা হৈছে। অৰ্থাৎ এইবাৰ আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিব। এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰি ট্ৰাম্পে কয় যে ভাৰতৰ নতুন শুল্ক হাৰ পৰৱৰ্তী ২১ দিনৰ পৰা কাৰ্যকৰী হ’ব।