কৃষকৰ প্ৰতি সংবেদনশীল এনডিএ চৰকাৰ : পিএম কিষান ধন মুকলি বিজেপি অসম প্ৰদেশৰ আদৰণি

কৃষকৰ প্ৰতি সংবেদনশীল এনডিএ চৰকাৰ : পিএম কিষান ধন মুকলি বিজেপি অসম প্ৰদেশৰ আদৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  পিএম কিষান আচঁনিৰ কিস্তি মুকলি কৰি দেশৰ লগতে অসমৰ লাখ লাখ কৃষকৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ এনডিএ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে । এক প্ৰেছ বিবৃতিত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখপাত্ৰ কল্যান গগৈয়ে কয় , পিএম কিষান আচঁনিখনৰ দ্বাৰা উপকৃত হোৱা কৃষক সকলে এই আচঁনিৰ সহায় লাভ কৰি দেশৰ ঘৰুৱা উৎপাদন বৃদ্ধিত অধিক অৰিহনা আগ বঢ়াবলৈ সক্ষম হৈছে । দেশৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাত এই আচঁনিৰ প্ৰত্যক্ষ অৰিহনা সৰ্বসমাদিত বুলি উল্লেখ কৰি মুখপাত্ৰজনে কয় , অসমৰ ১৭ লাখ ৫০ হাজাৰ কৃষকে মুঠ ৩৫০ কোটি টকাৰ এই সাহায্য লাভ কৰিব । অসমৰ কৃষি উৎপাদন বৃদ্ধি আৰু কৃষিজাত সামগ্ৰীৰ ৰপ্তানী বৃদ্ধিৰ যোগেদি অসমৰ কৃষকে বিগত সময়খিনিত অভিলেখ গঢ়িবলৈ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ কৃষিখণ্ডৰ আশানুৰূপ বিকাশ অসমৰ ভৱিষ্যত শক্তিশালী বুনিয়াদৰ ৰূপৰেখা বুলি উল্লেখ কৰি মুখপাত্ৰ কল্যান গগৈয়ে কয় , দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰানসীত কৃষক সন্মিলন আয়োজন কৰাৰ দৰে অসমতো কৃষক সকলক সম্বৰ্ধনা জ্ঞাপন কৰি ডা°ৰাজ্য চৰকাৰখনেও কৃষক সমাজখনক যি সন্মান আন্তৰিকতা প্ৰদৰ্শন কৰিছে সেয়া যথেষ্ট আদৰণী জনাইছে৷