কৃত্ৰিম বুদ্ধিমত্তা এক নতুন প্ৰত্যাহ্বান নেকি
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
কৃত্ৰিম বুদ্ধিমত্তাই বৰ্তমান বিশ্বৰ প্ৰতিটো দিশতে এক অভূতপূৰ্ব বিপ্লৱৰ সূচনা কৰিছে। এফালে ই নতুন নতুন আৱিষ্কাৰেৰে সভ্যতাৰ অগ্ৰগতিত ইন্ধন যোগাইছে, আনফালে আকৌ ই মানৱীয় শ্ৰম আৰু মেধাৰ প্ৰাসংগিকতাক লৈ এক গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। হাজাৰ হাজাৰ লোকে নিজৰ কৰ্মসংস্থাপন হেৰুওৱাৰ আশংকাত ভুগিছে, কাৰণ এটা সময়ত কামত মানুহৰ নিপুণতাৰ প্ৰয়োজন আছিল, সেইবোৰ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নিমিষতে কৰি পেলায়। এই পৰিৱৰ্তনৰ সোঁতত আমাৰ পৰম্পৰাগত ডিগ্ৰীসমূহো ক্ৰমান্বয়ে অৰ্থহীন হৈ পৰিছে, কিয়নো এতিয়া ব্যৱহাৰিক দক্ষতা আৰু সৃজনীশীল চিন্তাৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে।
বিশেষজ্ঞসকলৰ মতে, এই প্ৰযুক্তিয়ে অতি সোনকালে মানৱ সভ্যতাৰ সামগ্ৰিক ৰূপটোৱেই সলনি কৰি দিব। কিন্তু প্ৰশ্ন হয়, এই তীব্ৰবেগী পৰিৱৰ্তনৰ সৈতে ফেৰ মাৰিবলৈ আমি সঁচাকৈ সাজু নে?
দুৰ্ভাগ্যজনকভাৱে, আমাৰ শিক্ষা ব্যৱস্থা আৰু পাঠ্যক্ৰম এতিয়াও বহু পৰিমাণে পুৰণি পদ্ধতিতে আৱদ্ধ হৈ আছে। নতুন প্ৰজন্মক কেৱল তথ্যৰ ভঁৰাল হিচাপে গঢ়ি তোলাৰ পৰিৱৰ্তে তেওঁলোকক সমস্যা সমাধানৰ কৌশল আৰু কাৰিকৰী জ্ঞানত চহকী কৰাটো বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা।
আমাৰ শিক্ষানুষ্ঠানসমূহে যদি সময় থাকোতেই পাঠ্যক্ৰমৰ আমূল পৰিৱৰ্তন কৰি ছাত্ৰ-ছাত্ৰীক কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে আধুনিক সঁজুলিৰ সঠিক প্ৰয়োগ নিশিকায়, তেন্তে আমি বিশ্বমুখী দৌৰত বহুখিনি পিছ পৰি ৰ’ম।
সেয়েহে, নতুন প্ৰজন্মক কেৱল পৰীক্ষাৰ নম্বৰ আৰু গতানুগতিক শিক্ষা ব্যৱস্থাৰ পৰা মুক্ত কৰি এই পৰিৱৰ্তিত পৃথিৱীৰ সৈতে খোজ মিলাব পৰা এক দক্ষ মানৱ সম্পদ হিচাপে গঢ়ি তোলাটোৱেই এতিয়া আমাৰ মূল লক্ষ্য হোৱা উচিত।আমাৰ সমাজ আৰু ব্যৱস্থাই যদি সময় থাকোতেই এই আধুনিক বিজ্ঞানৰ গতিৰ সৈতে খোজ মিলাব নোৱাৰে, তেন্তে হয়তো উন্নয়ন কেৱল মাত্ৰ অলিক কল্পনা হৈ ৰ’ব আমাৰ বাবে। সেয়েহে বিদ্যালয়ৰ পাঠ্যক্ৰমত কৃত্ৰিম বুদ্ধিমত্তাৰ সংযোজন কৰি নৱ প্ৰজন্মক এই বিপ্লৱী সময়ৰ লগত ফেৰ মাৰিব পৰাকৈ প্ৰস্তুত কৰা উচিত।
