কৃত্ৰিম বুদ্ধিমত্তাই মানৱ বুদ্ধিমত্তাক চেৰাই যাব নেকি ?
ডেইটী ডেকা, পাঞ্জাৱাৰী
মানুহে নিজৰ দৈনন্দিক কামবোৰ সহজ কৰিবলৈ আজিকালি যথেষ্ট পৰিমাণে যন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে ৷ নিজৰ শাৰীৰিক-মানসিক কষ্ট তথা সময়ৰ লাঘৱ কৰিবলৈ মানুহে বুজি পোৱা হোৱাৰে পৰা বিভিন্ন ধৰণৰ যান্ত্ৰিক সঁজুলি বা যন্ত্ৰৰ আৱিষ্কাৰৰ বিষয়ে চিন্তা কৰি আহিছে ৷ এই ক্ষেত্ৰত মানুহৰ সফলতা ঈৰ্ষণীয় যদিও যন্ত্ৰ আৰু মানুহৰ মাজৰ পাৰ্থক্য কেতিয়াও নোহোৱা হৈ যাব নোৱাৰে ৷ কাৰণ যন্ত্ৰৰ নিজা বুদ্ধি নাই আৰু ইয়াক মানুহে কিবা নিৰ্দেশ বা কামাণ্ড (Command) দিলেহে কাম কৰিব পাৰে ৷ কিন্তু সঠিক নিৰ্দেশ দিলে যন্ত্ৰই জটিল কামো সমাধা কৰিব পাৰে ৷ কম্পিউটাৰো হ’ল তেনে এবিধ যন্ত্ৰ ৷ পিছে এতিয়া মানুহে বিচাৰে যে এই যন্ত্ৰসমূহেও নিজৰ বুদ্ধি খটুৱাই কাম কৰিব পৰা হওঁক আৰু তাৰ বাবে যন্ত্ৰকো মানুহৰ দৰে বুদ্ধি দিয়া হওঁক ৷ মানুহে এই চিন্তাৰ পৰাই উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে বৰ্তমান সময়ত বহুলভাবে চৰ্চিত এটা নতুন প্ৰযুক্তি ’কৃত্ৰিম বুদ্ধিমত্তা’ৰ ৷
‘কৃত্ৰিম বুদ্ধিমত্তা’ দৰাচলতে কি ? যিবোৰ যন্ত্ৰ মানৱ বুদ্ধিমত্তাক অনুকৰণ কৰি নিৰ্মাণ কৰা হয় বিশেষকৈ কম্পিউটাৰ ব্যৱস্থাক (Computer System), অৰ্থাৎ মানুহে নিজৰ বিচাৰ-বুদ্ধি লগাই কাম এটা সম্পন্ন কৰাৰ দৰে এক বিশেষ প্ৰযুক্তিৰ সহায়ত কিছুমান যন্ত্ৰ বা কম্পিউটাৰেও নিজৰ কাম কৰিব যদিহে পূৰ্বতে নিৰ্দেশ দিয়া হয় ৷ এই বিশেষ প্ৰযুক্তিটোক ‘কৃত্ৰিম বুদ্ধিমত্তা’ (Artificial Intelligence) বুলি কোৱা হয় ৷ সহজ ভাষাত কৃত্ৰিম বুদ্ধিমত্তা হ’ল যন্ত্ৰ বা ছফটৱেৰে প্ৰদৰ্শন কৰা বুদ্ধিমত্তা ৷ ইয়াৰ ওপৰত প্ৰথমতে গৱেষণা কৰা হৈছিল কিছুমান বিশেষ লক্ষ্য পূৰণ কৰাৰ উদ্দেশ্য ৷ এই গৱেষণাৰ কেইটামান পৰম্পৰাগত লক্ষ্যৰ ভিতৰত আছে যুক্তি, জ্ঞানৰ প্ৰতিনিধিত্ব, পৰিকল্পনা, শিক্ষণ, প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ, ধাৰণা আৰু ৰব’টিক্সক সমৰ্থন ৷
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কম্পিউটাৰৰ নিজা জ্ঞান আছে নে নাই চোৱাৰ বাবে বৃটেইনৰ গণিতজ্ঞ আৰু সংকেতলিপি সমাধানকাৰী (Code-breaker) এলান টিউৰিঙে এটা পৰীক্ষা কৰি চাইছিল ৷ ’টিউৰিং টেষ্ট’ হিচাপে বিখ্যাত এই পৰীক্ষাটোৰ দ্বাৰা কম্পিউটাৰে নিজৰ জ্ঞানেৰে যুদ্ধৰ সময়ত জেৰাকাৰীসকলৰ প্ৰশ্নৰ উত্তৰ ভূলকৈ দি বিপথে পৰিচালিত কৰিব পৰা যায় নে নাযায় চোৱা হৈছিল৷ তাৰ পাছৰ পৰাই আজিলৈকে বৈজ্ঞানিকসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিৰ ক্ষেত্ৰখনত উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ অযুত প্ৰচেষ্টা কৰিয়ে আছে ৷
১৯৫৬ চনত ডাৰ্থমাউথ কলেজত অনুষ্ঠিত হোৱা এখন সন্মিলনত আধুনিক কালৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিটোৰ ওপৰত বহুলভাবে আলোচনা হৈছিল ৷ তাতেই আমেৰিকাৰ কম্পিউটাৰ বৈজ্ঞানিক জন মেককাৰ্থীয়ে প্ৰথমবাৰৰ বাবে ‘Artificial Intelligence’ শব্দটোৰ ব্যৱহাৰ কৰিছিল ৷ সেইকাৰণে তেওঁক আধুনিক যুগৰ ’কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিৰ জনক’ বুলিও কোৱা হয় ৷ এই সন্মিলনখনত অংশগ্ৰহণ কৰা বৈজ্ঞানিকসকলেই পিছলৈ এই প্ৰযুক্তিৰ উন্নয়নৰ বাটকটীয়াস্বৰূপ হৈ পৰিল ৷ বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত মানুহে কি কি কাম কৰিছে তাৰ সঠিক হিচাব পোৱাতো টান ৷
গুগল ছাৰ্ছ ইঞ্জিনৰ বিষয়ে আমি সকলোৱে অলপ হ’লেও জানো ৷ ছাৰ্ছ ইঞ্জিন হ’ল এনে এটা ছফটৱেৰ প্ৰগ্ৰেম যিয়ে আমাক যিকোনো এটা বস্তুৰ বিষয়ে খূটি-নাটি মাৰি তত-মূহুৰ্ততে তথ্য আগবঢ়াব পাৰে ৷ আমি গুগলত যিকোনো ঘটনা/ব্যক্তি/বস্তু আদিৰ বিষয়ে লিখি দিলেই গুগলে ছফটৱেৰৰ সহায়ত বিভিন্ন ৱেবছাইটৰ পৰা সেই বিষয়ে থকা তথ্যসমূহ সংগ্ৰহ কৰি আমাৰ আগত দাঙি ধৰে ৷ আজিৰ পৰা ২২ বছৰ পূৰ্বে অৰ্থাৎ ২০০১ চনত গুগলে ৱিকিপিডিয়া (Wikipedia) নামৰ বিনামূলীয়া ৱেব বিশ্বকোষখনৰ উদ্ভাৱন কৰিছিল ৷ বৰ্তমান সময়ত ৱিকিপিডিয়াই মানুহক অসংখ্য তথ্যৰ যোগান ধৰি আছে ৷ পিছে ৱিকিপিডিয়াই ৱেবছাইটসমূহৰ পৰা সংগ্ৰহ কৰা এই তথ্যসমূহ মানুহৰ গৱেষণাৰে ফলাফল ৷ কাৰণ মানুহেই নিজৰ গৱেষণাৰ ফলাফলসমূহ বিভিন্ন ৱেৱছাইটত আপলোড কৰি দিয়ে ৷ কোনোবাই গুগলত কোনো তথ্য বিচাৰিলে ইণ্টাৰনেটত উপলব্ধ এই ৱেৱছাইটবোৰৰ পৰা গুগলৰ বিশেষ ছফটৱেৰে গোটেইবোৰ তথ্য প্ৰথমতে নিষ্কাশণ (Extracting) কৰে আৰু তাৰ পৰা প্ৰয়োজনীয়খিনিহে আগবঢ়ায় ৷ এই নিষ্কাশণ কৰা কাৰ্য্যটোক ডাটা স্ক্ৰেপটিং (Data Scraping) বুলি কোৱা হয় ৷ এয়াই আচলতে কৃত্ৰিম বুদ্ধিমত্তা নামৰ প্ৰযুক্তিটোৰ কাম আৰু ইয়াৰ সহায় লৈয়ে গুগল ছাৰ্ছ ইঞ্জিনে নিজৰ কাম কৰি আছে ৷ ঠিক তেনেদৰে এমাজনে ২০০১ চনত পৰামৰ্শ দিওঁতা ইঞ্জিনৰ (Recommendation Engine) উদ্ভাৱন কৰি উলিয়ালে ৷ সেই প্ৰযুক্তিক ভিত্তি কৰি নেটফ্লিক্সেও দৰ্শকে ভাল পাব পৰা চিনেমাৰ পৰামৰ্শ দিবলৈ, ফেচবুকে মানুহৰ চেহেৰা চিনাক্তকৰণ প্ৰণালী (Facial Recognition System) আৰু মাইক্ৰ’ছফটে মানুহৰ কণ্ঠ চিনাক্তকৰণ (Speech recognition system) আদিৰ দৰে ছফটৱেৰৰ লাহে লাহে নিৰ্মাণ কৰিবলৈ ধৰিলে ৷
কৃত্ৰিম বুদ্ধিমত্তাক কেবাটাও ভাগত শ্ৰেণীবিভাজন কৰা হয়- যান্ত্ৰিক শিক্ষণ (Machine Learning), গভীৰ শিক্ষণ (Deep Learning), প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ (Natural Language Processing), কম্পিউটাৰ ভিজন (Computer Vision) ইত্যাদি ৷ বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনৰ প্ৰযুক্তিগত উত্তৰণে এনে এটা পৰ্য্যায়ত উপনীত হৈছে যে সাধাৰণ মানুহে সেয়া এতিয়াও বুজি পোৱা নাই ৷ আজিকালি আমি যি স্বয়ংচালিত গাড়ীৰ বিষয়ে আলোচনা কৰি থাকো, বেছিভাগ মানুহে হয়তো নাজানে যে এয়া সম্ভৱ হৈছে একমাত্ৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিৰ বাবেহে ৷ ইয়াৰ উপৰিও চিকিৎসা-বিজ্ঞানৰ ক্ষেত্ৰখনত কৰ্কট ৰোগৰ দৰে বেমাৰ কম আয়াসতে চিনাক্তকৰণৰ বাবেও এই প্ৰযুক্তিসম্পন্ন ছফটৱেৰৰ উদ্ভাৱন কৰা হৈছে ৷ ইয়াতকৈয়ো এঢাপ আগুৱাই এতিয়া উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তা (Generative AI) প্ৰযুক্তিৰ আগমন ঘটিছে ৷ এই নতুন প্ৰযুক্তিসম্পন্ন কৃত্ৰিম বুদ্ধিমত্তাই ’জেনেৰেটিভ মডেল’ ব্যৱহাৰ কৰি নিজাববিয়াকৈ কোনো লিখনী, ছবি বা অন্য মাধ্যমৰ সৃষ্টি কৰিব পাৰে ৷ এই মডেলসমূহে পূৰ্বে নিবেশ কৰা (Input) প্ৰশিক্ষিত তথ্যৰ গঠন শিকি লৈ তাৰ পাছত একেধৰণৰ বৈশিষ্ট্য থকা নতুন তথ্যৰ সৃষ্টি কৰে ৷ নতুন প্ৰযুক্তিসম্পন্ন এইবোৰ ছফটৱেৰে ছেকেণ্ডৰ ভিতৰতে কোনো এটা বিষয়ৰ ওপৰত ৰচনা, গৱেষণা পত্ৰ, গল্প, উপন্যাস, কবিতা, গান ইত্যাদি লিখি দিব পাৰে বা ছবিও আঁকিব পাৰে ৷
উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তাৰ এক অনন্য সৃষ্টি হ’ল চ্যাট জি.পি.টি (ChatGPT) ৷ ২০২২ বৰ্ষৰ নৱেম্বৰ মাহত OpenAI নামৰ গৱেষণা প্ৰতিষ্ঠানটোৱে এই চ্যাটব’ট (Chatboat) বা ইঞ্জিনটোৰ নিৰ্মাণ কৰি উলিয়াই ৷ ChatGPTৰ সম্পূৰ্ণ নামটো হ’ল Chat Generative Pre-Trained Transformer ৷ তাৰ পাছত গুগলে ২০২৩ চনত একে প্ৰযুক্তিসম্পন্ন বাৰ্ড (Bard) আৰু মাইক্ৰ’ছফটে মেগাৰটন-টিউৰিং এন.এল.জি (Megarton-Turing NLG) নামৰ অন্য দূটা চ্যাটব’টৰ আৰম্ভণী কৰে ৷ এই ইঞ্জিন বা চ্যাটব’টসমূহক Large Language Model (বৃহৎ ভাষাৰ মডেল) বুলিও কোৱা হয় ৷ এই মডেলবোৰৰ বৈশিষ্ট্য হ’ল ইহঁতৰ বৃহৎ আকৃতি আৰু ইহঁতৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰিবলৈ কিছুমান ত্বৰকৰ সহায় লোৱা হয় আৰু ইয়াক ’AI accelerator’ বুলি কোৱা হয় ৷ এই ত্বৰকসমূহ একপ্ৰকাৰৰ কম্পিউটাৰৰ হাৰ্ডৱেৰৰ নিচিনাই হয় ৷ ইহঁতৰ নিৰ্মাণ উৎপাদনশীল কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিং এপ্লিকেছনবোৰে যাতে দক্ষতাৰে কাম সম্পন্ন কৰিব পাৰে সেয়া চোৱাৰ বাবেই কৰা হৈছে ৷
বাহিৰৰ পৰা কোনোবাই এবাৰ সাংকেতিক পাঠ্যৰ (Text) নিবেশ কৰিলে এই মডেলসমূহে তাৰ পিছৰ সংকেতটো কি হ’ব পাৰে সেয়া অনুমান কৰিব পাৰে ৷ এই দিশত আটাইতকৈ বেছি সফলতা লাভ কৰিছে চ্যাট জিপিটি আৰু গুগল বাৰ্ডে ৷ কিন্তু এই চ্যাটব’ট বা লেংগুৱেজ মডেলবোৰকো কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন অন্য ছফটৱেৰৰ দৰেই বৃহৎ পৰিমাণৰ তথ্যৰ ওপৰত আগতীয়াকৈ প্ৰশিক্ষণ দিয়া হয় ৷ চ্যাটব’ট নিৰ্মাণকাৰী কোম্পেনীসমূহে তথ্যবোৰ ক’ৰ পৰা সংগ্ৰহ কৰে কেতিয়াও স্পষ্টকৈ প্ৰকাশ কৰা নাই যদিও বেছিভাগ তথ্যই ইণ্টাৰনেটত উপলব্ধ বিভিন্ন ৱেবছাইটৰ পৰা সংগৃহীত বুলি বিভিন্নজনে ক’ব খোজে ৷ কাৰণ গুগল বাৰ্ড নিৰ্মাণ কৰোঁতে ব্যৱহাৰ হোৱা লেংগুৱেজ মডেল LamDA (Language Model for Dialogue Applications)ৰ বিষয়ে যিখন গৱেষণা পত্ৰত প্ৰথমবাৰৰ বাবে সূচনা কৰা হৈছিল তাতে ৱিকিপিডিয়া, পাবলিক ফ’ৰামছ নামৰ বিভিন্ন ছাইটৰ নাম উল্লেখ কৰা হৈছে ৷ তাৰোপৰি আজিকালি Reddit বা StackOverflow ৰ নিচিনা ৱেবছাইটবোৰৰ পৰা তথ্য সংগ্ৰহ কৰাৰ বিনিময়ত মূল্য আদায় দিব লাগিব বুলি আগজাননি দিছে ৷ গতিকে এটা কথা স্পষ্ট যে এই লেংগুৱেজ মডেলবোৰে এই ছাইটবোৰত ইতিমধ্যে উপলব্ধ থকা তথ্যসমূহ বিনামূলীয়াকৈ উৎস হিচাপে ব্যৱহাৰ কৰি আছে ৷ ইহঁতে মেচিন লাৰ্নিং আৰু মানুহে নিবেশ কৰা (Human Input) তথ্য দুয়োটাৰ সহায়তেই কাম কৰে ৷
এই সকলোবোৰ তথ্যক এটা কৃত্ৰিম নিউৰেল নেটৱৰ্কৰ (Artificial Neural Network) মাধ্যমেৰে প্ৰক্ৰিয়াকৰণ কৰা হয় ৷ সচৰাচৰ প্ৰায়ভাগ কৃত্ৰিম বুদ্ধিমত্তাৰ ইঞ্জিনত ব্যৱহৃত হোৱা এই নেটৱৰ্কসমূহ অসংখ্য ন’ড (Node) আৰু স্তৰৰ সমষ্টি ৷ এনে নিউৰেল নেটৱৰ্কসমূহে প্ৰায় দহ নি্যুতৰ পৰা আৰম্ভ কৰি কেবা কৌটি পৰ্যন্ত তথ্য অধিগ্ৰহণ কৰিব পাৰে ৷ এই সমস্ত প্ৰক্ৰিয়াটোৰ কাৰণে এই লেংগুৱেজ মডেলবোৰে একোটা ট্ৰেনছফ’ৰ্মাৰৰ (Transformer) ব্যৱহাৰ কৰে ৷ এটা ট্ৰেনছফ’ৰ্মাৰে অসংখ্য তথ্য পঢ়িব পাৰে,শুদ্ধকৈ বাক্য ৰচনা কৰিব পাৰে আৰু পূৰ্বানুমানো কৰিব পাৰে ৷ এই ট্ৰেনছফৰ্মাৰবোৰত মজুত ৰখা তথ্যসমূহৰ পৰা চ্যাট জিপিটি বা গুগল বাৰ্ডে সম্ভাৱনাশীল প্ৰতিক্ৰিয়া বা উত্তৰহে বিচাৰি ফুৰে ৷ কাৰণ ইহঁতে নিজাকৈ একো নাজানে, কোনটো শুদ্ধ বা ভূল তথ্য তাৰো কোনো নিজা ধাৰণা নাই ৷
বহু প্ৰশিক্ষিত মানৱ তত্ত্বাৱধায়ক আৰু ব্যৱহাৰকাৰীয়ে এই লেংগুৱেজ মডেলবোৰৰ ভূলসমূহ আঙুলীয়াই দিয়াৰ উপৰিও সিহঁতে দিয়া উত্তৰসমূহৰ ওপৰত ভিত্তি কৰি নম্বৰ দিয়ে ৷ তেতিয়া ইহঁতে ভৱিষ্যতলৈ নিজৰ প্ৰদৰ্শন আৰু অধিক উন্নত কৰাৰ প্ৰচেষ্টা কৰে ৷ এই পদ্ধতিটোক ‘Reinforcement Learning on Human Feedback’ (RLHF) বুলি কোৱা হয় ৷ সময় সাপেক্ষে এই মডেলসমূহৰ আকৃতি আৰু বৃদ্ধি হৈ গৈ থাকিলে ইহঁতৰ ক্ষমতা আৰু শক্তিও বাঢ়ি যাব ৷ চ্যাট জিপিটি ৩.৫ হ’ল ১৭৫ বিলিয়ন প্ৰাচলযুক্ত (Parameter) এটা বৃহৎ লেংগুৱেজ মডেল আৰু ইয়াৰ একেবাৰে নতুন সংস্কৰণ জিপিটি ৪ ত প্ৰায় ১.৭৬ ত্ৰিলিয়ন প্ৰাচল থকা বুলি ইয়াৰ নিৰ্মাণকৰ্তাসকলে ক’ব বিচাৰে ৷ এই নতুন মডেলটোত ৮ কৌটিতকৈও অধিক নথি-পত্ৰ, ১০০০ কৌটিতকৈও বেছি শব্দ নিবেশ কৰা হৈছে ৷ ইহঁতৰ কাম কৰাৰ পদ্ধতিৰ পৰা উমান কৰিব পাৰি যে ইহঁতক যিধৰণে প্ৰশিক্ষণ দিয়া হয় সেয়া অনুকৰণ কৰি নিজাকৈ নতুন তথ্য যোগান ধৰাত বুৎপত্তি লাভ কৰিছে ৷ গতিকে সেই দিনটোলৈ হয়তো বেছি দূৰ নাই য’ত এই চ্যাটব‘ট বা লেংগুৱেজ মডেলবোৰে সকলোবোৰ ক্ষেত্ৰতে মানুহৰ স্থান ল’বলৈ সক্ষম হ’ব ৷
কিন্তু এটা কথাও ঠিক যে মানুহে যিমান চেষ্টা নকৰিলেও এই চ্যাটব’ট ইঞ্জিনসমূহে মানুহৰ দৰে স্ব-বুদ্ধিসম্পন্ন হ’ব নোৱাৰে ৷ কাৰণ ইহঁতে মানৱ-বুদ্ধিমত্তাৰ নকল কৰিবলৈ চেষ্টাহে কৰে আৰু তাৰ বাবেও এই ইঞ্জিনসমূহে বৃহৎ পৰিমাণৰ তথ্য বিশ্লেষণ কৰিবলৈ মূলতঃ বিভিন্ন পৰিসংখ্যাগত আৰ্হিৰ (Statistical Model) সহায় ল’বলগীয়া হয় ৷ এই আৰ্হিবোৰে দিয়া তথ্যৰ ভিত্তিতহে চ্যাট জিপিটিয়ে এটাৰ পাছত কোনটো শব্দ অহাৰ সম্ভাৱনা থাকে অনুমান কৰি লয় ৷ সেই অনুমান পিছে সদায় শুদ্ধ নহ’বও পাৰে আৰু সেইকাৰণেই তাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰাৰ আগতে মানুহে তাৰ সত্যাসত্য নিৰূপণ কৰিবই লাগে ৷ ইয়াৰ উপৰিও আন এটা ডাঙৰ সমস্যা হ’ল চ্যাট জিপিটিৰ জ্ঞানৰ পৰিসৰ সদায় সীমিত হৈয়ে থাকিব ৷ কাৰণ মানুহে এটা নিৰ্দিষ্ট সময়লৈকেহে তথ্য নিবেশ কৰি প্ৰশিক্ষণ দিব পাৰে ৷ উদাহৰণস্বৰূপে, যদি চ্যাট জিপিটিৰ প্ৰশিক্ষিত ডাটাবেছৰ (Training Database) ম্যাদ ২০২১ চনত উকলি যায়, তেন্তে তাৰ পাছৰ পৰা বিশ্বত যিমান ঘটনা ঘটিব, সেই বিষয়ে চ্যাট জিপিটি অজ্ঞ হৈয়ে থাকিব ৷ গতিকে তেতিয়া মানুহে বিচাৰিলেও সম্পূৰ্ণ আৰু সঠিক তথ্যৰ যোগান ধৰিব নোৱাৰিব ৷ তাৰোপৰি মানুহে তথ্য নিবেশ কৰোতেও যদি ভূলকৈ কৰে, তেন্তে চ্যাট জিপিটিয়েও সেইমতেই বুজি লৈ নিজৰ কাম কৰি যাব ৷ যদিও বৈজ্ঞানিকসকলে দাবি কৰিব খোজে এই লেংগুৱেজ মডেলবোৰৰ নিজকে শুদ্ধ কৰিব পৰা ক্ষমতা আছে, তথাপি এই ক্ষেত্ৰত এতিয়ালৈকে এই প্ৰযুক্তিয়ে সফলতা লাভ কৰা বুলি ক’ব নোৱাৰি ৷ গতিকে মানুহৰ যন্ত্ৰক নিজৰ দৰে বুদ্ধিসম্পন্ন কৰি নিশ্চিন্ত হৈ কাম কৰোৱাৰ সপোনে এতিয়াও পূৰ্ণতা লাভ কৰিব পৰা হৈ উঠা নাই ৷ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিক লৈ গোটেই পৃথিৱীতে যিমান তোলপাৰ লাগি আছে, ভালদৰে মন কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে ই দৰাচলতে মানুহৰ বুদ্ধি আৰু তথ্যৰ ওপৰত নিৰ্ভৰ কৰিহে কাম কৰি আছে ৷