কৃত্রিম বানৰ বিপৰ্যয়ৰ পৰা মুক্ত হ’ব পৰা নাই গুৱাহাটী মহানগৰবাসী

কৃত্রিম বানৰ বিপৰ্যয়ৰ পৰা মুক্ত হ’ব পৰা নাই গুৱাহাটী মহানগৰবাসী

ৰঙিলী বাৰ্ত্তাসেৱা-  নেৰানেপেৰা বৰষুণে গুৱাহাটী মহানগৰীক বিগত ২৪ ঘণ্টাত কৃত্রিম মহাসাগৰলৈ পৰিণত কৰিলে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, বিগত ২৪ ঘণ্টাত অকল গুৱাহাটী মহানগৰীতে ১০০ মিঃমিঃৰ সৰ্বাধিক পৰিমাণৰ বৰষুণ হৈছিল। যিটো গুৱাহাটী মহানগৰীত এয়াই প্রথম। শনিবাৰে বৰষুণৰ পৰিমাণ যথেষ্ট কম যদিও কৃত্রিম বানৰ বিপৰ্যয়ৰ পৰা মুক্ত হ’ব পৰা নাই গুৱাহাটী মহানগৰবাসী।  হাতীগাঁও, কক্মিণীগাঁও, জুৰিপাৰ, অনিল নগৰ, সাতগাঁও, মালিগাঁৱৰ বড়িপাৰা, লাচিতনগৰ আদিকে কৰি কেইবাটাও অঞ্চলত কমা নাই বানপানী। উক্ত অঞ্চলকেইটাত মহানগৰ জিলা প্ৰশাসন আৰু এছডিআৰএফ-এনডিআৰএফে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে ৰুক্মিণীগাঁও আৰু অনিল নগৰৰ বন্যাৰ্তসকলৰ বাবে পৃথকে আশ্রয় শিবিৰ নিৰ্মাণ কৰিছে। বানৰ বাবে এলেকাকেইটাৰ বহুসংখ্যক লোকে নিজৰ গৃহতে জলবন্দী হৈ থকাৰ পাছত এছডিআৰএফে বহু লোকক উদ্ধাৰ কৰি আশ্রয় শিবিৰলৈ অনা পৰিলক্ষিত হয়।বহু অঞ্চলত বর্ধিত বানৰ বাবে বিদ্যুৎ বিভাগে বিদ্যুতৰ যোগান বন্ধ কৰি থোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হয় ৰাইজ। বহু ঠাইত বানপানী কমিছে যদিও বানৰ পিছতে পানীৰ সৈতে অহা বোকা মাটিয়ে অধিক পূতিগন্ধময় অৱস্থাৰ সৃষ্টি কৰে। মহানগৰীৰ বিভিন্ন স্থানত গুৱাহাটী পৌৰ নিগম আৰু প্রশাসনে চাফাই অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে দুর্গন্ধমুক্ত হৈ পৰা নাই মহানগৰীৰ বহু অঞ্চল। চানমাৰিৰ মণিৰাম দেৱান পথৰ অন্তৰ্গত নলা পৰিষ্কাৰ কৰিবলৈ গৈ চাফাই কৰ্মীয়ে নলাৰ পৰা উদ্ধাৰ কৰা খালী বটল আৰু প্লাষ্টিকৰ দ’মে হতভম্ব কৰি তুলিছে বিষয়াসকলক। মূলতঃ অকর্তৃত্বশীলভাবে বহু লোকে মহানগৰীৰ এনেধৰণৰ বৃহৎ নলাত প্লাষ্টিকৰ বটলকে ধৰি বিভিন্ন আৱৰ্জনা নিক্ষেপ কৰাৰ ফলতে নলাসমূহত দ’ম হৈ বৰষুণৰ সময়ত ওফন্দি পৰে। যাৰ পৰিণতিত মহানগৰীত, পানী নোহোৱা অঞ্চলসমূহো এইবাৰ বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে কামৰূপ মহানগৰ জিলা প্রশাসনে বানাক্রান্ত এলেকাটোত ৰাইজৰ সুবিধাৰ্থে ৰাবাৰ বোট, উক্ত পথটোত চলাচল কৰাইছে। আনহাতে ৰুক্মিণীগাঁৱত বান পৰিস্থিতি তদাৰক কৰিবলৈ গৈ ৰাইজৰ ৰোষৰ সন্মুখীন হ’বলগীয়া হ’ল গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি। জি এছ ৰোডত গাড়ীৰ পৰা নমা সাংসদগৰাকীক ৰুক্মিণীগাঁৱৰ এগৰাকী বাসিন্দাই বানৰ মাজলৈ আহি ৰাইজৰ পৰিস্থিতি তদাৰক কৰিবলৈ আহ্বান জনায়। কিন্তু সাংসদগৰাকীয়ে লোকজনৰ আহ্বানক নেওচা দি অহা বাটেৰে পুনৰ ঘূৰি যায়। কৃত্রিম বানৰ লগতে মহানগৰীৰ ঠায়ে ঠায়ে হোৱা ভয়ংকৰ ভূমিস্খলনে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। শুক্ৰবাৰে বোন্দাৰ ছপাইদাং, দাতালপাৰা আৰু মালিগাঁৱত ৫জনকৈ প্রাপ্তবয়স্ক লোক আৰু শিশুৱে ভূমিস্খলনত দুর্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল। ভূমিস্খলনৰ ভয়াৱহতাৰ পৰা পৰিত্ৰাণ নাপালে অসম আৰক্ষীৰ লোকেও। পানীখাইতী আৰক্ষী চকীৰ সমীপতে থকা আৰক্ষী জোৱানৰ বেৰেকৰ সমীপত মাটি খহি দুজনকৈ জোৱান কিছু পৰিমাণে আহত হ’বলগীয়া হয়। অৱশ্যে সৌভাগ্যক্রমে বেৰেকটোত থকা আন ১৬গৰাকী জোৱান বাচিবলৈ সক্ষম হয়। পাণ্ডু-কামাখ্যা সংযোগী পথৰ অন্তৰ্গত বিষ্ণু মন্দিৰ পথত পাহাৰৰ শিল-মাটি খহি মূল পথ আবদ্ধ হৈ পৰে। একেদৰে গাৰ্ডৱাল ভাঙি যথেষ্ট ক্ষতিসাধন হয় ফটাশিল আমবাৰীৰ অন্তৰ্গত আমবাৰী উচ্চ মাধ্যমিক বিদ্যালয়।। প্ৰবল বৰষুণৰ পাছত বিদ্যালয়খনৰ ওচৰৰ মাটি খহি সমীপতে লাগি থকা, গার্ডৱালখনক হেঁচা মাৰি ধৰে। ঘটনাটোত কোনো লোক সৌভাগ্যক্রমে আহত হোৱা নাই যদিও বিদ্যালয়খনৰ শৌচাগাৰ পৰ্যন্ত ভাঙি যায়। ইপিনে  প্ৰবল বৰষুণৰ পাছত মহানগৰীৰ কৃত্রিম বান সৃষ্টি হোৱা এলেকাসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় গৃহ আৰু নগৰ পৰিক্ৰমা উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ, পাণ্ডু টেম্প’লঘাট, কামাখ্যা ফুট হিল, বি বৰুৱা ৰোড, জি এছ ৰোড, আমবাৰী, পিবকো পইন্ট, ৰুক্মিণীগাঁও, ৰুক্মিণী নগৰ, জুৰিপাৰকে ধৰি মহানগৰীৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰে। সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা তিনি দিন ধৰি গুৱাহাটী মহানগৰীত যি পৰিমাণৰ বৰষুণ হৈছে সেয়া অত্যন্ত ভয়াবহ। বিশেষকৈ মেঘালয়ৰ পৰা নামি অহা বৃহৎ পৰিমাণৰ পানীয়ে যথেষ্ট। সমস্যাৰ সৃষ্টি কৰিছে। আমাৰ পৰিকল্পনা আছিল যে মেঘালয়ৰ পৰা অহা পানীখিনি পাৰ হ’ব নিদিয়াকৈ তাতেই ৰখাই দিয়াৰ। প্ৰায়ভাগ সময়ত সফল হৈছোঁ যদিও বৰষুণৰ তীব্ৰতাৰ বাবে এইবাৰ কিছু সমস্যাৰ সৃষ্টি হৈছে। কইনাধৰাৰ পৰা দীপৰ বিললৈ স্থায়ী নলাটোৰ কাম সম্পূর্ণ হ’লে এই সমস্যা বহু কমি যাব। বাৰিষা শেষ হোৱাৰ পাছতে নলাটোৰ কাম আৰম্ভ হ’ব বুলি তেওঁ কয়। আনহাতে বৰষুণ কমাৰ পাছতে গুৱাহাটী মহানগৰীৰ কিছু ঠাইৰ পৰিস্থিতি বর্তমানো স্বাভাৱিক নোহোৱা সন্দৰ্ভত মন্ত্ৰী বৰুৱাই কয় যে গুৱাহাটী মহানগৰীৰ কিছুমান ঠাইত চৰিয়াৰ দৰে পানী জমা হ’লে ওলাই নাযায়। বশিষ্ঠপুৰৰ মৰানদী আৰু ৰুক্মিণীগাঁৱৰ লখিমী জানৰ উদাহৰণ দি তেওঁ কয় যে লখিমী জানৰ অধিকাংশ ঠাইতে বর্তমান বেৰ আদি নির্মাণেৰে বেদখল হৈ গৈছে। যাৰ বাবে পানীৰ প্ৰাকৃতিক সংবহনত বাধাৰ সৃষ্টি হৈ আহিছে। এইখিনি মোকলাব নোৱাৰা পর্যন্ত পানী একে আষাৰে নোহোৱা হ’ব বুলি কোৱাটো অসম্ভৱ। তেওঁ লগতে কয় যে গুৱাহাটীৰ বান ব্যৱস্থাপনাৰ বাবে অতি শীঘ্ৰে নেদাৰলেণ্ডৰ এটা দলৰ সৈতে চৰকাৰে যুটীয়া জৰীপ চলাব। অৱশ্যে চৰকাৰৰ পৰিকল্পনাত ৰাইজে সহযোগ কৰিব লাগিব বুলিও তেওঁ লগতে কয়। মন্ত্ৰীগৰাকীয়ে বানপ্ৰৱণ এলেকাসমূহৰ অস্থায়ী শিবিৰসমূহ পৰিদৰ্শন কৰি বন্যার্তক সাহায্য সামগ্ৰী প্ৰদানৰ বিষয়টোৰো বুজ লয়।