কৃতী শিক্ষক , প্ৰবন্ধকাৰ দিলীপ দাসলৈ পদ্মপ্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ “শব্দ শিল্প বঁটা” ২০২৩ প্ৰদান
ভৱানীপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰিহাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতী শিক্ষক তথা লেখক , ভৱানীপুৰৰ বাসিন্দা দিলীপ দাসলৈ ভৱানীপুৰৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনৰ অগ্ৰণী অনুষ্ঠান পদ্মপ্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠীয়ে তেওঁৰ সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অবদানৰ প্ৰতি কৃতজ্ঞতাৰ চিন স্বৰূপে গোষ্ঠীৰ ফালৰ পৰা প্ৰতি বছৰে প্ৰদান কৰি অহা শব্দ শিল্প বঁটা আগবঢ়োৱা হৈছে । লেখক তথা কৃতী শিক্ষক দিলীপ দাসৰ প্ৰকাশিক প্ৰবন্ধ সংকলন ‘অষ্টক’ৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে । লেখক দিলীপ দাসৰ প্ৰবন্ধ অসমৰ বিভিন্ন বাতৰি কাকতত প্ৰকাশ পাইছে । প্ৰচাৰ বিমুখ লেখক দাসলৈ পদ্মপ্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠী ফালৰ পৰা আগবঢ়োৱা শব্দ শিল্প বঁটাৰ বাবে স্থানীয় বিভিন্ন অনুষ্ঠানে শুভেচ্ছা জনাইছে । ইতিপূৰ্বে লেখক গৰাকীয়ে “এন . ই . ফ’কাচ গ্লোৰী এৱাৰ্ড” ২০২৩ আৰু “কথাৰ সাগৰ গোপাল আতা বঁটা” ২০২৩ লাভ কৰিছে ।