কৃতজ্ঞতা – নাজবিন চুলতানা

কৃতজ্ঞতা

নাজবিন চুলতানা, শিৱসাগৰ

এটা সাধাৰণ শব্দ “কৃতজ্ঞতা” ।যাৰ অৰ্থ হৈছে ধন্যবাদ জ্ঞাপন কৰা নাইবা শলাগ লোৱা।কৃতজ্ঞতা হৈছে এক প্ৰকাৰৰ ইতিবাচক মনোভাৱ।যাৰ সাৰমৰ্ম ব্যয়বহুল। বৰ্তমান সময়ৰ স্বাৰ্থপৰ পৃথিৱীৰ তাগিদাত স্বাৰ্থন্বেষী মানৱ সমাজত এই কৃতজ্ঞতাবোধৰ গুৰুত্বই স্থান পোৱাটো অতি প্ৰয়োজনীয়।প্ৰত্যেকৰে জীৱনত ভাল-বেয়া ভিন্ন অভিজ্ঞতাৰ ক্ষেত্ৰত ভিন্নধৰণে বিভিন্নজনে সহায় কৰি আহিছে।এইক্ষেত্ৰত সহায় কৰোঁতাজনক মনৰ পৰা তেওঁৰ প্ৰতি বুজাব নোৱাৰা অনুভৱখিনিক এই ধন্যবাদ তথা কৃতজ্ঞতাৰে বুজাব পাৰে।এই কৃতজ্ঞতাৰে বা ধন্যবাদেৰে তেওঁৰ দ্বাৰা কৰা উপকাৰটোক মূল্য দিয়া হয় আৰু এই উপকাৰটোক “উপহাৰ” হিচাপে গ্ৰহণ কৰি উপকাৰীৰ প্ৰশংসা তথা মন্যতা দিব লাগে।তেতিয়াই প্ৰকাশ পাই প্ৰকৃত কৃতজ্ঞতা।ইতিবাচক মনোবিজ্ঞানৰ প্ৰবক্তাসকলে গৱেষণাৰ জৰিয়তে প্ৰকাশ কৰিছে যে কৃতজ্ঞ মনৰ মানুহবোৰ অকৃতজ্ঞমনৰ মানুহবোৰতকৈ অধিক মনোযোগী,দৃঢ়মনা,প্ৰাণৱন্ত,উৎসাহী,সহায়কাৰী,আগ্ৰহী,আনন্দমনৰ আৰু আশাবাদী হয়। ড° ৰবাৰ্ট ইমন্সৰ মতে ইয়াৰ সচৰাচৰ দুটা স্তৰ দেখিবলৈ পোৱা যায়।এটা হৈছে এই সুন্দৰ জীৱনটো লাভ কৰা বাবে প্ৰকৃত সত্বা তথা জীৱনৰ সমস্ত ভালখিনিৰ প্ৰতি প্ৰকাশ কৰা কৃতজ্ঞতা,আৰু আনটো সত্বাৰ বাহিৰৰ জগতখনক অৰ্থাৎ সৃষ্টিকৰ্তাকে আদি কৰি সমস্ত জগতখনৰ প্ৰতি কৃতজ্ঞ হোৱা।কৃতজ্ঞতাই মানুহৰ সম্পৰ্কৰ ক্ষেত্ৰতো পাৰস্পৰিক আপোনতাৰ সংযোগ আনি দিয়ে।যাৰ বাবে জীৱনত অলপতে সুখী হ’বলৈ,সন্তুষ্ট হ’বলৈ সুযোগ পোৱা যায়। পৰিয়ালৰ আত্মীয়-স্বজ্জন ,বন্ধু-বৰ্গ,সহকৰ্মী অন্যান্য পৰিচিত-অপৰিচিত লোকৰ সৈতেও এটা মধুৰ সম্পৰ্ক বজাই ৰখাত সহায় কৰে এই কৃতজ্ঞতাই ।কিন্তু আজিৰ সময়ত আমি বাস কৰা জগতখনত অকৃতজ্ঞশীল মনোবৃত্তিয়ে গোটেই মানৱজাতিক অধিককৈ প্ৰভাৱিত কৰিছে।গতাকে এই মনোবৃত্তিৰ পৰা নিজকে বিৰত ৰখাটো অতি আৱশ্যক।এইখিনিতে লক্ষ্যণীয় কথা যে এই কৃতজ্ঞতা ব্যৱহাৰ কৰাত উচ্চ-নীচৰ হেমাহি কৰা নাইতো কোনোদিনে?স্বাভাৱিকতে আমি কোনো বিষয়ববীয়া নাইবা উচ্চ পদস্থ লোকক ধন্যবাদেৰে কৃতজ্ঞতা ঠিকে সূচাওঁ।কিন্তু আমাৰ ঘৰত বন কৰিবলৈ অহা বাইজনী,বজাৰত পাচলি বিক্ৰী কৰা খুৰাজনৰ পৰা পোৱা ভাল বস্তুকেইপদৰ বিনিময়ত ,ঘৰত মায়ে তৃপ্তিৰে ৰান্ধি যোগান ধৰা ভাতসাঁজৰ বিনিময়ত আমি এটা ধন্যবাদেৰে কৃতজ্ঞতা প্ৰকাশ কৰোঁনে?দৈনন্দিন ঘটনা-পৰাঘটনাৰ অন্তৰালত হত্যা-হিংসা,ঠক-প্ৰবঞ্চক,ধৰ্ষণ-লুণ্ঠন,চিঞৰ-বাখৰে আমাৰ মন-মগজুত নেতিবাচক প্ৰভাৱ পেলায়।এই নেতিবাচক বাতাৱৰণৰ পৰা উদ্ধাৰৰ উৎকৃষ্ট আহিলা হৈছে কৃতজ্ঞতা।কেতিয়াবা নিজেও কাৰোবাৰ ওচৰত কৃতজ্ঞ হোৱা অনুভৱ কৰোঁনে ? কৰি চাবচোন এই অনুভৱ ,সেই ফুটপাথত জাৰত কঁপি কঁপি কণমানিৰ পৰা বৃদ্ধলৈকে পৰি থকা লোকসকলৰ বাবে অলপ সঁহাৰি জনাই,ভোক সামৰিব নোৱাৰি ডাষ্টবিনৰ পৰা উঠাই ভোক নিৰাময় কৰা অৱস্থাত অলপ সঁহাৰি জনাই,বানপানীত অঘৰী হোৱা দুদৰ্শাৰ অৱস্থাত এষাৰ মাত দি কৃতজ্ঞ অনুভৱৰ অন্তৰ চুই যোৱা স্পৰ্শ কি বুজিব পাৰিব।সময় ওলাইনে আজিৰ সময়ত পিতৃৰ ত্যাগ-কষ্টৰ বাবে কৰা কৃতজ্ঞ অনুভৱৰ কথা।মা-দেউতাৰ মৰম চেনেহৰ লালন -পালন ,শিক্ষা,পৰিয়ালে দিয়া-সমাজে দিয়া শিক্ষা-পৰামৰ্শ,গুৰুৰ প্ৰতি,বন্ধু-বৰ্গৰ সঁহাৰিৰ প্ৰতি এইসমূহ মূলতঃ কৃতজ্ঞতাৰ প্ৰযোজ্য স্নেহ।কৃতজ্ঞতাই এটা সম্পৰ্কক আঁটি-আঁটি বান্ধি দীৰ্ঘস্থায়ী তথা মজবুত কৰা এডাল এনাজৰী।কৃতজ্ঞতাৰ ফলত মানুসিক প্ৰশান্তি লাভ কৰে যিখিনি এখন অন্তৰৰ পৰা আন এখন অন্তৰৰলৈ বিয়পি পৰে আৰু উভয়পক্ষই সুখ অনুভৱ কৰে।গতিকে কৃতজ্ঞ অনুভৱ বৰ্তমান সময়ত নিতান্তই প্ৰয়োজনীয়।