কৃতঘ্নতা – জ্যোতিমণি মাহত্ব

Pc Mindfulness Exercises

কৃতঘ্নতা

জ্যোতিমণি মাহত্ব ,যোৰহাট 

উপকাৰীক অজগৰে গিলি খায়
যিমান ভাল কৰিব খুজিলেও,
অকৃতজ্ঞই সদায় দুখহে দিয়ে
প্ৰকৃতিৰ নিয়ম হয়তো এনেকুৱাই ।
এটি ডাঙৰ প্ৰশ্ন ভুল ক’ত
মানৱক দয়া কৰা নে মানুহ চিনাক্ত কৰাত,
হাঁহিৰ আঁৰত আছিল কেৱল প্ৰতাৰণা
কথাৰ আঁৰত আছিল কৌশল।
নিস্বাৰ্থ মনেৰে উপকাৰ কৰিবা
তেওঁৰ দুখৰ সমভাগী হৈ ,
সময়ৰ আঁৰত লুকাই আছিল
এটা অন্য ৰূপ
প্ৰতিদান পালে মাথোঁ অৱহেলাৰ চকুলো।
উপকাৰীক অজগৰে গিলি খোৱাৰ দৰে
কৃতঘ্ন মানুহে মাথোঁ নিজৰ কথাকে ভাবে,
উদাৰতাৰ মূল্য তেওঁৰ অভিধানত নাই
আছে কেৱল প্ৰৱঞ্চনাৰ মূল্য।
হে মানৱ! তুমি নহ’বা ম্লান
মহত্ত্বইহে দিয়ে প্ৰকৃত সন্মান,
তুমি মাথোঁ কৰি যোৱা মানৱতাৰ দান
অজগৰৰ চৰিত্ৰই এনেকুৱা -বিষাক্ত।