কৃতকাৰ্যতা
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
সকলোৰে মনবোৰ প্ৰফুল্ল।মহাবিদ্যালয়ৰ প্ৰথম দিন।কোনোৱে বন্ধু-বান্ধৱীৰ সৈতে একেলগে আহিছে,কাৰোবাক ঘৰৰ অভিভাৱকে থবলৈ আহিছে।মুঠতে পৰিৱেশটো দেখিয়ে ভাললগা হৈছে।কিছু ছাত্ৰ-ছাত্ৰীয়ে ঘৰৰ ওচৰৰ বিদ্যালয়খনতে পঢ়িছিল।চহৰলৈ একেবাৰে আহিয়েই পোৱা নাছিল।সেইসকলৰ বাবে অলপ পৰিৱেশটো বেলেগ ধৰণৰ হৈ পৰিছে
: “বাইদেউ, ফ্ৰাষ্ট ইয়েৰ ৰুমলৈ কোনফালে যায়।”
: “ছেকেণ্ড ফ্ল’ৰত গ’লে দেখা পাবাই ৰুম নম্বৰ টু।”
: “অশেষ ধন্যবাদ বাইদেউ।”
গাঁৱৰ পৰা অহা কপিলে ছেকেণ্ড ফ্ল’ৰৰ ফালে খোজ ললে।তাৰ মনত অলপকৈ ভয়ে লগ দি আছিল।গেটৰ সন্মুখলৈকে সেই ভয় নাছিল।যিহেতু ককায়েকে থব আহিছিল।সকলোৱে নতুন বন্ধু-বান্ধৱীৰ লগত চিনাকি হোৱাত ব্যস্ত।কপিলৰ লগতো দুই এজন বন্ধুৱে চিনাকি হৈছে।ক’ত ঘৰ?কোন স্কুলৰ পৰা আহিছে?কোনটো বিভাগত উত্তীৰ্ণ হৈছে ইত্যাদি।প্ৰথম পিৰিয়ডৰ সময় হ’ল।পোনপ্ৰথমে চাৰ এজন সোমাল।চাৰজনে সকলো ছাত্ৰ-ছাত্ৰীৰ লগত পৰিচয় হ’ল।আৰু নিজৰ বিষয়টোৰ ওপৰত বিশ্লেষণ আগবঢ়ালে।সকলোৱে মনপুতি শুনিলে।চাৰজন ইংৰাজী বিষয়ৰ শিক্ষক।কপিল এজন মেধাৱী ছাত্ৰ।সকলো বিষয় কপিলে জানিবৰ বাবে আগ্ৰহী।প্ৰথমদিন বুলি অলপ ভয় আছিল যদিও চাৰজনকো দুই-এক প্ৰশ্ন নুসুধাকৈ থকা নাই।ইটোৰ পাছত আনটো ক্লাছ হৈয়ে আছে।তাৰ মাজতে পোৱা সময়কণ বন্ধুৰ সৈতে কটাইছে।দিনবোৰ বাগৰি গৈছে,বন্ধুবোৰ বেছি ঘনিষ্ঠ হৈ পৰিছে এজনে আনজনৰ লগত।কপিলে মানুহক বহুত প্ৰশ্ন কৰে।জানিবৰ বাবে যিকোনো বস্তুৰ প্ৰতি উত্ৰাৱল।সেইবাবে বহুতে এইটো দিশকলৈ বেয়া পায়।পঢ়া-শুনাৰ ক্ষেত্ৰতো একান্ত বাধ্য ছাত্ৰ আছিল।কপিলৰ বন্ধু বিবেক,সমুজ্জ্বল,সুৰজ, হিৰণ্য সকলোৱে কপিলক জোকাই ব্যতিব্যস্ত কৰি তুলিবলৈ চেষ্টা কৰে।কপিলে বেছিকৈ পঢ়াৰ প্ৰতি গুৰুত্ব দিয়ে বাবেও বিবেকহঁতে আকাৰে ইঙ্গিতে কিবা কৈ থাকে।
: “ঐ কপিল,তুমি ইমান পঢ়াত মনোযোগ নিদিলেও হয়।কিয় ইমান চিৰিয়াছ।”
: “তোমালোকেও মনোযোগ দিবা।কিয়?নিজেও মনোযোগ নিদিয়া,আনকো ডিষ্ট্ৰাব কৰি থাকা।”
: “আমিও মনোযোগ দিওঁ।কিন্তু অলপ ধেমালিও কৰোঁ আৰু…”
যেতিয়াই সুবিধা পাই আটাইকেইটাই কপিলৰ বস্তু লুকুৱাই,কপিলক বিচৰাই ফুৰে।কেতিয়াবা কপিলৰ কিতাপখন কাৰোবাৰ বেগত ভৰাই থৈ দিয়ে।এবাৰ আটাইকেইটা কপিলৰ ছাৰ্টত আখৰ লিখাৰ বাবে এছাৰিৰ কোব খাই ৰ’দত থিয় হ’বলৈও সৌভাগ্য হৈছিল।সেইবাৰ বহুত ভয় খাই বহুদিনলৈ একো নকৰাকৈ থাকিল।ক্লাছত যেতিয়াই ছাৰ-বাইদেউহঁত সোমাই বিবেকে,সমুজ্জ্বলহঁতে কপিলৰ কথা কিবা এটা হ’লেও উপস্থাপন কৰিবই।বাইদেউ,কপিলে অমুকটোহে কৰিছে,চাৰ কপিলে অমুকটোহে কৰিছে।শিক্ষকে গম পাই গ’ল যে কপিলৰ মুখৰ পৰা কথা শুনিবলৈহে এনে কৰে।শেষত বিবেকহঁতে গালিটো খায়।কপিলে কথাবোৰ ধৰি নাথাকে,পাছত একেলগেই ধুনীয়াকৈ কথা হয়।সিঁহতেও কপিলক ধেমালি কৰি ভাল পায়।পৰীক্ষাৰ বাবে ৰুটিন দিয়াত সকলো ছাত্ৰ-ছাত্ৰী উত্তেজিত।কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব?সকলোৱে আলোচনা কৰাত ব্যস্ত।
: “কপিল,তোমাৰটো পৰীক্ষা ভাল হ’ব ন।”বিবেকে সুধিলে।
:”পৰীক্ষা দিলেহে গম পাম।কিবা প্ৰশ্ন আহে।”
: “তোমাৰ ভাল হ’ব দিয়া।তুমি ভালদৰে মনোযোগ দি পঢ়া।”
:”তোমালোকেও পঢ়া,মই জানো নহয়।মোৰ আগতহে নপঢ়োঁ কৈ ধেমালি কৰি থাকা।”
পৰীক্ষা হৈ গ’ল,সকলোৰে পৰীক্ষা ভালেই হ’ল।কপিল, বিবেকহঁতৰো ভালেই হৈছে। বিবেকহঁতে ভাল হ’লেও কপিলকে কৈ থাকে।কপিল তোমাৰ নিচিনা আমাৰ ভাল নহয় আৰু……
:”তুমিহে পঢ়াত মনোযোগ দিয়া।আমি তোমাক জোকাই থাকোঁ বুলি দেখোন তুমি চাৰ-বাইদেউহঁতক সদায়েই কোৱা।”
:”তোমালোকে বেয়া কাম কৰিলেতো কমেই ন।” নহ’লে চাৰ-বাইদেউহঁতে মোকে বেয়া বুলি ভাবিব।”
তেনেকৈয়ে কথাৰ তাঁতখন চলাই গৈ থাকোতে সমুজ্জ্বলে অলপ পিছহুহুকি গৈ কপিলৰ বেগটো লুকুৱাই ৰাখিছে।সকলো ছাত্ৰ-ছাত্ৰী ঘৰা-ঘৰি যাত্ৰা কৰিলে।বিবেকহঁতো ঘৰলৈ খোজ লৈছে।কপিলে বেগটো বিচাৰি পোৱা নাই।ক’ত গ’ল,ইয়াতেই থৈছিলোঁ পৰীক্ষা দিয়াৰ আগত।সকলোফালে বিচাৰিছে।
:”চাৰ,মোৰ বেগটো বিচাৰি পোৱা নাই।ইয়াতেই থৈছিলোঁ।”
:”ভালকৈ চোৱাচোন।”
:”চালোঁ চাৰ।”
:”তেন্তে,তোমাৰ লগৰকেইজনে লুকুৱাইছে।”বিবেকহঁত ক’ত গ’ল?
:”সিহঁত ঘৰলৈ সৱ গ’ল চাৰ।”মইহে……
বিবেকহঁত ঘৰলৈ নগৈ ৰাস্তাৰ কোনোবা একোণৰ পৰা প্ৰত্যক্ষ কৰি আছিল।কপিলে বেগ বিচাৰি পাইছেনে নাই।কপিলৰ লগত সকলো শিক্ষকে বেগ বিচৰাত অৱশেষত এখন দৰ্জাৰ কোণত বেগটো বিচাৰি পালে।সকলো শিক্ষকে কপিলক সাৱধান কৰি দিছে,নিজৰ বস্তুৰ প্ৰতি যাতে ভালকৈ নজৰ ৰাখে।শিক্ষকেয়ো গম পাইছে,কপিলৰ লগৰ উৎপতীয়া কেইটাই এনে কাম কৰিছে।
:”কাইলৈ সিহঁত আহক।বেগ লুকুৱাই থোৱা পোতক তুলিম।”
:”চাৰ,বাইদেউ মই গৈ থাকোঁ।নহ’লে গাড়ী নাপাম।”
:”যোৱা।লাহে লাহে যাবা।অলপ সিঁহতৰ পৰা সাৱধানে থাকিবা।” বাইদেউ এগৰাকীয়ে ক’লে।
মহাবিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ঘৰমুৱা হ’ল।চাৰ-বাইদেউ সকলো ঘৰ অভিমুখে যাত্ৰা কৰিলে।মহাবিদ্যালয়খনে নিজৰ বাবে অলপ সময় পাব।ৰাতিপুৱাৰ পৰা গধূলিলৈ ব্যস্ততাৰ মাজেৰেই পাৰ কৰে।পাছদিনা পুৱাতে উঠি মহাবিদ্যালয়খনে কপিল,বিবেকহঁতলৈ বাট চাব।শিক্ষক-শিক্ষয়িত্ৰীসকলে বিবেকহঁতক শাস্তি দিবনে?নে কপিলৰ ওপৰতে সকলো পাকে প্ৰকাৰে জাপি দিবলৈ চেষ্টা কৰিব?সময়লৈ অপেক্ষা…! পুৱাৰ সূৰ্যৰ কিৰণে মহাবিদ্যালয়খনৰ চৌদিশৰ পৰিৱেশটো সৌন্দৰ্য বঢ়াই তুলিছে।ফুলনি বাগিচাৰ ফুলবোৰে জিকমিকাই উঠিছে।সময় পাৰ হৈছে শ্ৰেণীসমূহ হৈ আছে।বিবেকহঁতৰ মনত অলপ ভয় হৈ আছে।আমাক কিবা শাস্তি প্ৰদান কৰিব নেকি কালিৰ ঘটনাকলৈ।জিৰণি সময় হ’ল।সকলোৱে কেনটিনফালে খোজ লৈছে আহাৰ গ্ৰহণৰ বাবে।বিবেক,হিৰণ্য,সমুজ্জ্বল সকলো শ্ৰেণীকোঠাতে কোঁচ মোচ খাই বহি আছে অলপ সময়ৰ পাছতে চকীদাৰজন আহি অধ্যক্ষৰ কোঠালৈ কপিল,সমুজ্জ্বলহঁতক মাতি নিলে।আটাইকেউটা ভয়ত পেপুৱা লাগিছে।পৰিস্থিতিয়ে কোনফালে বা ঢাল লৈছে,অভিভাৱকসকলক আহিবলৈ ক’ব নেকি?এনে প্ৰশ্নবোৰে আমনি কৰি আছে।চুচুক-চামাককৈ অধ্যক্ষৰ কোঠা পালেগৈ।
:”চাৰ,সোমাব পাৰোঁনে।”
:”আহা।”
:”কালি তোমালোকে কপিলৰ বেগ কিয় লুকুৱাইছিলা।সকলো ছাত্ৰ-ছাত্ৰী গুচি যোৱাৰ পাছতহে কপিলৰ বেগৰ শুংসূত্ৰ ওলাল।এনেকৈ বন্ধুক বিপদত পেলাব নালাগে।যিকোনো কাম কৰাৰ আগতে বিবেকেৰে ভাবি কৰিবা।সকলো কাম হাঁহি-স্ফূৰ্তিৰ মাজেৰে কৰিবলৈ চেষ্টা নকৰিবা।তেনে কৰোঁতে কেতিয়াবা বহুত ডাঙৰ বিপদত পৰিবা।”
:”ঠিক আছে চাৰ।আমাৰ ভুল হ’ল।আমাক ক্ষমা কৰি দিব।আগলৈ আৰু এনে কাম কেতিয়াও নকৰোঁ।”আটাইকেইজনে একেলগে ক’লে।
:”কপিল,তুমি কিবা ক’বা নেকি?”
:”চাৰ,ইহঁতে মোক বহুবাৰ এনে কৰিছে।তথাপিও বন্ধু বুলি ভাবি আপোনালোকৰ আগত ব্যক্ত নকৰোঁ।”আগলৈ যাতে এনে ভুল নকৰে সেইটোৱেই বিচাৰোঁ।
:”নকৰোঁ কপিল।আমি ধেমালিৰ চলেৰে কিছুমান ভুল কাম কৰি পাওঁ।এতিয়াৰ পৰা সাৱধান হৈছোঁ।আৰু নকৰোঁ।”(বিবেকহঁতে ক’লোঁ)
অধ্যক্ষ মহোদয়ে যিমান শাস্তি প্ৰদান কৰিব বুলি ভাবিছিল,নকৰিলে।অধ্যক্ষজন মৰমীয়াল।সকলোবোৰ মৰমেৰে বুজোৱাত বুজি পালে।অধ্যক্ষজনে জানে যে একাদশ শ্ৰেণীৰ ছাত্ৰক মৰমেৰে বুজালেহে কামত দিব।মাৰ-পিট কৰি শাস্তি প্ৰদান কৰিলে হয়তো অপৰাধপ্ৰৱণৰ দৰে পথ বাছি ল’বও পাৰে।যিহেতু কিশোৰসকলৰ মনৰ কোনো স্থিৰতা নাই।সকলোবোৰ দিশ বিচাৰ বিশ্লেষণ কৰি ফঁহিয়াই চাবলৈ নোৱাৰে।আটাইকেউটাকে শ্ৰেণী কোঠালৈ পঠাই দিলে।শ্ৰেণীসমূহ শেষ হোৱাৰ পাছত মহাবিদ্যালয়ৰ পৰা ঘৰ অভিমুখে খোজ লৈছে,সকলো ছাত্ৰ-ছাত্ৰীয়ে।বিবেক,কপিল,হি
:”আশীৰ্বাদ কৰিব পৰীক্ষা ভাল হ’বলৈ।”কপিলে ক’লে।
:”তোমালোকে ভাল হোৱা।কিবা নাজানিলে প্ৰতিটো মূহুৰ্ততে সুধিব পাৰা।তোমালোকৰ বাবে ব্যস্ততাৰ মাজতো সদায়েই আছোঁ।”
পৰীক্ষা হৈ গ’ল।শিক্ষক-শিক্ষয়িত্ৰী সকলেও খবৰ লৈ আছে।কাৰ কেনেকুৱা হৈছে পৰীক্ষা।সময় বাগৰিল,ফলাফলৰ সময় আহিল।কেতিয়াও নভবা-নিচিন্তা এটা ফলাফল মহাবিদ্যালয়খনে লাভ কৰিলে।বিবেক,কপিল,হিৰণ্য,সমুজ্
