কু-সংস্কাৰ অন্ধ বিশ্বাস আৰু আমাৰ কৰণীয়
দিপ্তী মনি গোস্বামী, লখিমপুৰ
আমি মানুহ মাত্ৰেই সমাজ প্ৰিয়, সমাজ এখনৰ অবিহনে আমাৰ জীৱন নিৰ্বাহ অকল্পনীয়। প্ৰচলিত নীতি নিয়ম তথা পৰম্পৰাৰ দ্ধাৰা এখন সমাজ পৰিচালিত হয় । সমাজ ব্যৱস্থাত বিশ্বাস আৰু অন্ধ বিশ্বাস দুয়ো দিশৰে প্ৰাধান্য পোৱা দেখা যায় ।।
যিকোনো এখন সমাজ শিক্ষা দীক্ষাৰ ফালৰ পৰা যিমানেই উন্নত নহওঁক কিয় তাত ৫০% ই মানুহ লোক বিশ্বাস অথাৎ অন্ধবিশ্বাসৰ প্ৰভাৱত পৰা পৰিলক্ষিত হয় ।।
যেনে….ডাইনী হত্যা,সোপাধৰা,কন্যা শিশু ভ্ৰূণতে হত্যা কৰা যৌতুক ,বাল্য বিবাহ , আৰু অনান্য স্বীকৃতি বিহীন আইন বহিভূত নীতি নিয়ম ইত্যাদি ।।
আজি পৰ্য্যন্ত এই সমস্যা সমূহৰ স্থায়ী সমাধান সম্ভৱপৰ হৈ উঠা নাই ।।
য’ত য’ত বিজ্ঞানৰ অগ্ৰগতি হোৱা নাই , বিজ্ঞান বিফল হৈছে,তাতেই অন্ধ বিশ্বাসৰ জন্ম হোৱাটো পৰিলক্ষিত হৈছে ।কেৱল অশিক্ষিতৰ ঠাই বিলাকতে কু সংস্কাৰে খোপনি পুতে,এনে নহয়। শিক্ষা দীক্ষাৰে পৰিপূৰ্ণ উন্নয়নশীল দেশ সমূহো এই কু সংস্কাৰৰ বলি হৈ আহিছে ।।
ভাৰতীয় সভ্যতা আৰম্ভনিৰ পৰা ,আৰ্য্য সকলে ধৰ্মৰ জৰিয়তে মানুহ একত্ৰিত কৰিছিল আৰু ধৰ্মৰ ভয় দেখুৱাই অপ কাৰ্য্যত বৰ্তি হোৱাৰ পৰা বিৰত ৰাখিছিল আৰু তেনেকৈ মানুবোৰ কু সংস্কাৰ বা অন্ধ বিশ্বাসৰ বলি হৈছিল ।।
প্ৰাক স্বাধীনতা কালত ভাতৰৰ্বষ কু সংস্কাৰে পৰিপূৰ্ণ আছিল, সেই সময়ত শিশুবধ, বাল্য বিবাহ, সতী দাহ আদি প্ৰথাৰ দৰে জঘন্য অন্ধ বিশ্বাসৰ বলি হৈ বহু ফুলকুমলীয়া শিশুৱে অকালতে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল ।।
আজিৰ দিনটো এলান্ধুকলীয়া কু সংস্কাৰ তথা অন্ধ বিশ্বাসৰ যথেষ্ঠ পাৰ্দুভাৱ দেখা যায়। যাৰ ফলত এখন ঘৰ পৰ্য্যন্ত শেষ হৈ যায়। ডাইনী হত্যা বা সোপাধৰাৰ বাতৰি আদি ইয়াৰ উদাহৰণ।
কিছুমান মানুহে এৰী পলু বা মুগা পলুৱে পাত নাখালে মিছা কথা এটাৰ ঢৌ ফুটাই দিব লাগে বুলি বিশ্বাস কৰে আৰু সেইটো কৰিবলৈ যাওঁতে আমাৰ আৰ্থিক তথা সামাজিক লোকচান হয়।।
ৰাতি পুৱা উঠাৰ পৰা ৰাতি শুৱা সময়লৈকে প্ৰায় বিলাক ঘৰতে , সৰু সুৰা অনেক অন্ধ বিশ্বাসৰ আমি মুখামুখি হওঁ ।।
মই ভাৱো…… তেনেধৰনৰ বিষয়বোৰ আমি আওকান নকৰি আমি তেনেধৰনৰ অন্ধ বিশ্বাস,কুসংস্কাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দি প্ৰতিবাদ সাব্যস্ত কৰি , সজাগতা সভা পাতি সমস্যা সমূহ নিৰ্মূল কৰা পৰিপন্থা হাতত লোৱাটো অনুমেয় ।।
কু সংস্কাৰৰ বলী হৈ কু কাৰ্য্য সংঘটিত কৰা লোক সকলক ,উচিত শাস্তি প্ৰদান কৰাতোঁ বাঞ্চনীয় ।।
আমি এই ক্ষেত্ৰত সজাগ ও সচেতন হোৱাটো নিতান্ত প্ৰয়োজন। প্ৰচাৰ মাধ্যম সমূহে ইতিবাচক ভুমিকা গ্ৰহণ কৰাটো প্ৰয়োজন। আমি সামাজিক মাধ্যম সমূহ ব্যৱহাৰ কৰোতে ,যথেষ্ঠ সাৱধানতা অৱলম্বন কৰাটো দৰ’কাৰ ।।
ছাত্ৰ ছাত্ৰী সকলক প্ৰাথমিক স্তৰৰ পৰাই কু সংস্কাৰ অন্ধ বিশ্বাসৰ ওপৰত শিক্ষা প্ৰদান কৰাটো অতিকে গুৰুত্বপূৰ্ণ বিষয় ।।
কু সংস্কাৰ অন্ধ বিশ্বাসৰ বিৰুদ্ধে যুঁজিবলৈ আমাক প্ৰয়োজন বিজ্ঞান মনস্কতা , বৈজ্ঞানিক মানসিকতাইহে আমাক কু-সংস্কাৰ অন্ধ বিশ্বাসৰ পৰা মুক্ত হৈ যুক্তিপূৰ্ণ ভাৱে যিকোনো কথা চিন্তা কৰাত সহায় কৰিব । বিজ্ঞানমনস্কতাৰ জৰিয়তে আমি ন্যায়-অন্যায়,ভাল-বেয়া,সত্য -অসত্য কৰি চাব পাৰো ।এটি যুক্তিপূৰ্ণ তথা শুদ্ধ মনৰে আমি শুদ্ধকৈ চিন্তাবোৰ কৰিব পাৰোঁ। নিৰক্ষৰতা বিজ্ঞানমনস্কতাৰ মুখ্য অন্তৰায় ।।
কু প্ৰথাবোৰ ত্যাগ কৰি ,প্ৰয়োজনত নতুনক গ্ৰহণ কৰাৰ জোখাৰে , সকলো সময়তে আমি মনটোক প্ৰস্তূত ৰাখিব লাগিব ।।
অৱশেষত কওঁ যে……..বিজ্ঞান মানসিকতাৰ জৰিয়তে সমাজত প্ৰচলিত কু-সংস্কাৰ, অন্যায়,অনীতি, কু-প্ৰথা , অনিয়ম,অন্ধবিশ্বাস আদি সামাজিক ব্যাধিবোৰৰ অৱসান ঘটাই এখন সত্য সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিব পৰা যাব ।।
