কুৱলীৰ আৰম্ভণি – বিশ্বজিৎ বৈশ্য

কুৱলীৰ আৰম্ভণি

বিশ্বজিৎ বৈশ্য
শুৱালকুছি, বংশৰ

আহিনৰ সিক্ত পাতলীয়া কুৱলীৰ আৱৰণে আনে এক অন্য মাদকতা।কুৱলীৰ টোপাল টোপাল মিছিকীয়া হাহিৰে দি যায় পুৱাৰ বতৰা। নিশাৰ আকাশৰ শুভ্ৰ বৰণৰ ধুৱলীৰ মাদকতাৰ এই ক্ষণত দেখা যায় সুৰসুৰীয়া বতাহজাকৰ ধেমালী। আহিনৰ সন্ধিয়াৰ এনে এক মনোমোহা পৰিবেশত আকৃষ্ট হও আমি। কুৱলীয়েও নিজৰ বৃষ্টি চটিয়াই চৌপাশৰ দিশটো নিৰ্মল কৰি তোলে। হাজাৰ বাধা ভেদি আগবাঢ়ে নিজৰ নিজৰ গন্তব্য স্থানত । যেন পলকতে হেৰাই যায় ধুৱলীৰ কুৱলী। প্ৰকৃতিৰ আহ্বান সময়ৰ নিয়ম এইবোৰেই যেন একো একোটা ঋতুৰ সংকেত।