কুৎসিত
আন্ধাৰ বোৰৰ প্ৰতি প্ৰেম ভাব জগাবলৈ যত চেষ্টা।
পোহৰ পিয়াসী মইজনীক অন্ধকাৰ
কুপলৈ ঠেলাৰ যত চেষ্টা।
আগতকৈ কুৎসিত হব পাৰো
কিন্তু,
শক্তিশালী হলো।
প্ৰেম জোৰ কৰি পাব নোৱাৰি।
হেজাৰ ধমক পাইও
মই পিছ হোহোকি অহা নাছিলোঁ।
জীৱন ধ্বংস হব বুলি তুমি ভাবিছিলা,
ক’তা, মইজনীক শক্তিৰ সৈতেহে
পৰিচয় গঢ়ি দিলা।
এচিড দলিয়াই মোৰ মুখ খনহে কুৎসিত কৰিলা
এতিয়াটো জীৱনটোক পুৰাদমে ভাল পাব শিকিছোঁ
নিজকে সজাই ভাল লাগে জানা,
চকু কেইটা কাজলেৰে বুলাই
নিজেই নিজৰ প্ৰেমত পৰো।
খোপাটোত ফুল পাহ গুজি ,
পখিলি জনী হৈ থাকিবলৈ ভালপাওঁ
প্ৰেমৰ আৰাধনা কৰি।
পোহৰৰ দিশে বাট বুলো।
আন্ধাৰ নাশি পোহৰক আঁকোৱালি।
(এচিড attack ৰ বলি হোৱা প্ৰতিগৰাকী নাৰীৰ হাতত তুলি দিলোঁ মোৰ এটি সৰু সৃষ্টি)
জুপিতৰা মহন্ত
জাজৰী, নগাঁও