কুলি চৰাই
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী,বৰপেটা
কলীয়া বৰণ তোমাৰ
মাত ইমান সুৰীয়া
কাঢি় লোৱা কবিসকলৰ হিয়া।
তুমি ক’লৈ বাৰু যোৱা
বছৰত এবাৰ দেখা দিয়া
তুমিয়ে নেকি বসন্তৰ আগজাননী দিয়া?
তুমি বাহ সাজিব নেজানা নেকি
নে কাউৰীক দিয়া জব্বৰ ফাঁকি
কাউৰীক বাহত কণী দিয়া ইকি!
তুমি প্ৰেমিকাৰ সন্ধানত
ঘূৰি ফুৰিছা নেকি হাবি-বনত
বসন্ত উতলা হয় তোমাৰ মাতত।
তুমিয়ে নেকি ছাহজাহানৰ হেৰেমৰ ৰাণী
নহ’লে কিয় ইমান সুন্দৰ
তোমাৰ কণ্ঠ ধ্বনি?
তুমিয়ে নেকি দান্তেৰ প্ৰেমিকাজনী
যাৰ প্ৰেৰণাত সৃষ্টি হ’ল
ডিভাইন কমেডী।
তুমিয়ে নেকি সেই হেলেনা
যাৰ লালসাত ধ্বংস হ’ল ট্ৰ’য় নগৰী
তুমিয়ে নেকি সেই মমতাময়ী?
তুমি ইমান লাজকুৰীয়া
মন-প্ৰাণ মোৰ পাগল কৰিলা
নহ’লে পাতৰ আঁৰত কিয় লুকোৱা?
গোটেই ৰাতি কুউ-কুউ গীত গোৱা
তুমিয়ে নেকি বসন্তৰ বতৰা দিয়া
গোৱা, সুমধুৰ কণ্ঠত আকৌ এবাৰ গোৱা।
