কুলি’ৰ সুমধুৰ মাত – ছেলিমা বেগম

কুলি’ৰ সুমধুৰ মাত

ছেলিমা বেগম ,নগাঁও

অ ‘ কুলি ক’ত তোৰ ঘৰ বাৰি ,
ইমান দিন ক’ত আছিলে লুকাই।
ব’হাগ মাহৰ উমান পায় আকৌ
আহিলে বৈশাখী গীত শুনাবলৈ।
ব’হাগ আহিলে গছে
নতুন কুঁহি পাত দিলে,
ব’হাগী তোৰ প্ৰশংসা
 কৰিবলৈ ৰৈ আছে।
কুলি তই আহি সুমধুৰ
গীত গাই ইনাই-বিনাই
গছৰ পাতৰ আঁৰত
লুকাই লুকাই সুমধুৰ কণ্ঠত
কুউ –কুউ–কুউ বুলি
গীত গাই অসমীয়াৰ ঘৰে ঘৰে
বিহুৰ বতৰা আনিবি।
অ’ কুলি গছৰ পাতৰ আঁৰত
লুকাই কিয় মিঠা মধুৰ গীত গাই থাক ?
ৰঙা চকু দুটিত লাজ লাগে নে কি ?
নাকত যদি লাজ লাগে
না চাও তোৰ ফালে।
প্ৰাকৃতিক সৌন্দৰ্য্যৰ
মাজত ডুব গৈ গাই থাকিবি
সুমধুৰ কণ্ঠত গীত!