কুলশী বনাঞ্চলিক কাৰ্যালয়ত শ্যামা কালী পূজাৰ আয়োজন 

কুলশী বনাঞ্চলিক কাৰ্যালয়ত শ্যামা কালী পূজাৰ আয়োজন 

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-  বিগত বছৰ বোৰৰ দৰে এইবেলিওঁ ৩১/১০/২৪ তাৰিখ বৃহস্পতিবাৰে কুলশী আঞ্চলিক সাৰ্বজনীন পূজা কমিটিৰ উদ্যোগত শ্ৰীশ্ৰী মাঁ শ্যামা কালী দেৱীৰ পূজা কুলশী বনাঞ্চলিক কাৰ্যালয়ত আয়োজন কৰা হ’ব ৷ উক্ত পূজা কাৰ্যসূচী হিচাপে থাকিব ৰাতিপুৱা ৯-০০ বজাত প্ৰতিমা স্থাপন,দিনৰ ২-০০ বজাৰ পৰা নিশা ৯-০০ বজালৈ নিমন্ত্ৰিত অতিথিৰ অভ্যৰ্থনা , দিনৰ ২-১৫ বজাৰ পৰা সন্ধিয়া ৮-০০ বজালৈ ভোগ বিতৰণ, সন্ধিয়া ৫-০০ বজাত কুলশী আয়তীবৃন্দৰ নাম পৰিৱেশন,সন্ধিয়া ৭-০০ বজাত ঘট বুৰণ,সন্ধিয়া ৮-০০ বজাত ওজাপালিৰ পূজা বন্দনা,শুক্ৰবাৰ ১/১১/২৪ তাৰিখ ৰাতিপুৱা ৫-০০ বজাত প্ৰসাদ বিতৰণ ৷ পূজা পৰিচালনা সমিতি ক্ৰমে সভাপতি/কোষাধ্যক্ষ- শ্ৰীযুত কংকন জ্যোতি কৌশিক,উপ সভাপতি- শ্ৰী প্ৰদীপ ৰাভা,কাৰ্যকৰী সভাপতি- শ্ৰী ধৰ্মেন্দ্ৰ বৰুৱা,শ্ৰী তাজিৰুণ ইছলাম, শ্ৰী বিলাই বড়ো, সম্পাদক- শ্ৰী অনুপম দাস,সহ: সম্পাদক- শ্ৰী সন্তোষ মালা,শ্ৰী বিষ্ণুৰাম ৰাভা, শ্ৰী যোগেশ্বৰ কলিতা,হিচাপ পৰীক্ষক – শ্ৰী বিৰাজ দাস, শ্ৰী ৰাজীৱ ৰাভ, শ্ৰী চচেন ৰাভা, ভড়াল ঘৰৰ দায়িত্বত – শ্ৰী সুভাষ ৰাভা, শ্ৰী অমিত নাৰ্জাৰী, শ্ৰী হিতেশ বৰুৱা, পূজাৰী – শ্ৰী অচ্যুত শৰ্মা, শ্ৰী জয়ৰাম নাথ ৷ উল্লেখযোগ্য সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আয়োজক সমিতিয়ে কামনা কৰিছে ৷