কুলশী নদীত গাঁধুবলৈ নামি সন্ধানহীন হোৱা দুই যুৱকৰ মৃতদেহ উদ্ধাৰ
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ অসম – মেঘালয় সীমান্তৱৰ্তী ৰাণী – খামাৰৰ কুলশী নদীত গাঁধুবলৈ নামি যোৱা ১১ জুন বুধবাৰৰ পৰা সন্ধানহীন হয় দুই যুৱক ৷ সন্ধানহীন হোৱা যুৱক দুজন ক্ৰমে ৰিংকু বৰ্মন(২৭) আৰু হিমনজিৎ শইকীয়া (২৬ )গুৱাহাটীৰ ভৰলু শান্তিপুৰৰ নিবাসী ৷ ৰাণী – খামাৰ পৰ্যটন স্থলত বনভোজৰ উদ্দেশ্যি ১০ জনীয়া দলটি আহিছিল ৷ গাঁধুবলৈ নামি যোৱা যুৱক কেইজন নিচাসক্ত অৱস্থাত থকা বুলি সমনীয়া বন্ধুবৰ্গই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ ঘটনাস্থলীত পলাশবাৰী আৰক্ষী চকীৰ তত্ত্বাৱধানত লগতে স্থানীয় ৰাইজৰ সহযোগত sdrf আৰু ndrf বাহিনীয়ে উদ্ধাৰ অভিযান চলাই ৷ পৰৱৰ্তীসময়ত প্ৰশাসনৰ কঠোৰ শ্ৰেষ্ঠাত দুয়টি মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷