কুলশীত স্বচ্ছতা মূলক অভিযান

কুলশীত স্বচ্ছতা মূলক অভিযান

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ কুলশীত যোৱা ১২ ফেব্ৰুৱাৰী বুধবাৰে বীৰ চিলাৰায় দিৱস উপলক্ষে কামৰূপ পশ্চিম সংমণ্ডল, বামুনিগাঁৱৰ অন্তৰ্গত কুলশী বনবিভাগ কাৰ্যালয়, কুলশী বনবিভাগ কাৰ্যালয়ৰ বনবিষয়া কংকণ জ্যোতি কৌশিকৰ নেতৃত্বত বনকৰ্মী সকলৰ দ্বাৰা স্থানীয় গাঁওবাসী আৰু স্থানীয় ক্লাব যেনে কুলশী ইউথ ক্লাব, গোলেয়া ছানৰাইজিং ক্লাব আদিৰ সদস্য সকলৰ সহযোগত এক স্বচ্ছতা অভিযানৰ আয়োজন কৰা হয় ৷ এই অভিযানৰ সময়ত কুলশীৰ পথ, কুলশী বজাৰ এলেকা, কুলশী জনজাতীয় হাইস্কুল চৌহদ, কুলশী খেলপথাৰ, কুলশী বন বিভাগ কাৰ্যালয়, কুলশী মেডিকেল চৌহদ আদিকে ধৰি বিভিন্ন স্থান চাফা কৰা হয়। কুলশীৰ আশে-পাশে পৰিবেশ পৰিষ্কাৰ আৰু সেউজীয়া কৰি ৰাখিবলৈ অনাগত দিনত সঘনাই এনে অভিযানৰ আয়োজন কৰাৰ সংকল্প লৈছিল বনকৰ্মচাৰী আৰু স্থানীয় ৰাইজে। উল্লিখিত কুলশী বন বিভাগৰ বিষয়া কংকণ জ্যোতি কৌশিকৰ নেতৃত্বত চলা স্বচ্ছতা কেন্দ্ৰীক অভিযানক বাৰুকৈয়ে ভূয়সী প্ৰশংসা কৰে সচেতন মহলে ৷