কুলশীত মুল্যবান চোৰাং কাঠ জব্দ

কুলশীত মুল্যবান চোৰাং কাঠ জব্দ

সৰবৰাহকাৰী চোৰাংচোৱা দুষ্কৃতিকাৰী পলায়ন কৰিবলৈ সক্ষম হয়

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ পশ্চিম বন- সংমণ্ডল বামুনীগাঁওৰ অধীনস্থ কুলশী বনবিভাগে ১২ আৰু ১৩ ফেব্ৰুৱাৰীৰ মাজনিশা কুলশী নদীৰ কাষত তিনিটা খাদত কঢ়িয়াই অনা মূল্যৱান কটাৰী কাঠ ধৰা পেলাই জব্দ কৰিবলৈ সক্ষম হৈছে কামৰূপ পশ্চিম বনসংমণ্ডলৰ অধীনস্থ কুলশী বনবিভাগ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে।এটা নিৰ্দিষ্ট তথ্যৰ পিছতে ১২ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা কুলশী নদীৰ বেছিমাৰী ঘাটৰ ওচৰত কুলশী বনবিভাগ কাৰ্যালয়ৰ এটা দলে অভিযান চলাই আছিল। ৰাতি তেওঁলোকে কুলশী নদীত চোৰাংচোৱা দুষ্কৃতিকাৰীয়ে কঢ়িয়াই অনা তিনিটা খাদ দেখা পাইছিল আৰু দুষ্কৃতিকাৰীক ৰ’বলৈ কৈছিল যদিও কাঠ সৰবৰাহকাৰীসকলে স্পষ্ট কাৰণত মানি নল’লে। অৱশ্যে বনকৰ্মীয়ে ছিমলিবাৰী ঘাটলৈকে খাদবোৰ খেদি খেদি গৈ অৱশেষত হস্তক্ষেপ কৰিবলৈ সক্ষম হয় যদিও চোৰাংচোৱাই আন্ধাৰৰ সুযোগ লৈ কুলশী নদীৰ পানীৰ মাজেৰে পলায়ন কৰে।ততাতৈয়াকৈ কটাৰী কাঠখিনি জব্দ কৰি নিৰাপদ জিম্মাত ৰখাৰ বাবে কুলশী ৰেঞ্জৰ বন বিষয়াৰ কাৰ্যালয়লৈ অনা হয়। কাঠৰ উৎস জানিবলৈ আৰু দোষীক গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত অব্যাহত আছে।