কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত শোক
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া শিল্প সাহিত্য জগতৰ পুৰোধা ব্যক্তি কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। অসমীয়া জাতিৰ অভিভাৱকস্বৰূপ কুলদা কুমাৰ ভট্টাচাৰ্য কেৱল এগৰাকী নাট পৰিচালক বা অভিনেতাই নাছিল, তেওঁ আছিল জাতীয় চেতনাৰ ধ্বজাবহনকাৰী এগৰাকী মহীৰুহ। তেওঁৰ বিয়োগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷