কুলগ্রামত নিৰাপত্তা বাহিনীৰ গুলীত তিনি সন্ত্রাসবাদী নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰৰ কুলগ্রাম জিলাৰ অশল বনাঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘর্ষত তিনি সন্ত্রাসবাদী নিহত হৈছে। ভাৰতীয় সেনা, চিআৰপিএফ, জম্মু-কাশ্মীৰ আৰক্ষীয়ে যোৱানিশা কুলগ্ৰামৰ বনাঞ্চলত আত্মগোপন কৰি থকা সন্ত্রাসবাদী গোট এটাৰ বিৰুদ্ধে যৌথ অভিযান চলায়। নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদী গোটটোক ঘেৰি ধৰি অভিযান আৰম্ভ কৰাৰ সময়তে সন্ত্রাসবাদীয়েও গুলীচালনা কৰে। দুই পক্ষৰ মাজত নিৰ্বিচাৰ গুলীচালনাৰ অন্তত নিৰাপত্তা বাহিনীৰ তিনি সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয়। গুলীত নিহত এটা সন্ত্রাসবাদী পাকিস্তানস্থিত নিষিদ্ধ সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য বুলিও চিনাক্ত সন্সকৰা হৈছে। পুলৱামাৰ বাসিন্দা সন্ত্রাসবাদী হাৰিছ নাজিৰ বুলি আৰক্ষীয়ে চিনক্ত কৰিছে।