কুমাৰ মাটিয়েই ইতিহাস গঢ়ে – ধ্ৰুৱজ্যোতি

Pc Songbad Prokash

কুমাৰ মাটিয়েই ইতিহাস গঢ়ে

ধ্ৰুৱজ্যোতি,মাজুলী

আহোম যুগৰে পৰা মাজুলীৰ নৈপৰীয়া গাঁও শালমৰা এক দীঘলীয়া আৰু বৰ্ণিল ইতিহাসৰ বাহক। মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পূব প্ৰান্তত অৱস্থিত এই গাঁওখন প্ৰকৃতি আৰু মানুহৰ নিৰন্তৰ সংঘাতৰ সাক্ষী। বছৰৰ প্ৰায় ছমাহ ব্ৰহ্মপুত্ৰৰ উগ্ৰ সোঁতৰ সৈতে যুঁজ দি জীৱন কটাই অহা এই গাঁওখনৰ ইতিহাস কেৱল কথাত সামৰি শেষ কৰিব নোৱাৰি। লোকপ্ৰবাদ অনুসৰি, শালমৰা গাঁও পূৰ্বতে দিহিং নদীৰ পাৰত অৱস্থিত আছিল আৰু সেই সময়ত ইয়াৰ নাম আছিল ‘কৰ্শালমৰা’। ‘কৰ্শালমৰা’ শব্দটোৱে নাওঁৰ বিন্ধা-ফুটা মেৰামতিৰ বাবে ব্যৱহৃত শলাক বুজায়, যিয়ে এই জনগোষ্ঠীটোৰ প্ৰাচীন জীৱিকাৰ দিশৰ ইংগিত বহন কৰে।ৰজা শিৱসিংহৰ ৰাজত্বকালত ৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে এই লোকসকলক কুমাৰ পাইকত নিযুক্ত কৰিবলৈ মাজুলীলৈ আনি বসতি স্থাপন কৰায়। তেতিয়াৰ পৰাই এই জনগোষ্ঠী ‘কুমাৰ’ নামেৰে পৰিচিত হয় আৰু তেওঁলোকক বসবাস কৰিবলৈ দিয়া অঞ্চলটো ‘কুমাৰ চাপৰি’ নামে জনাজাত হয়। পৰৱৰ্তী সময়ত মাটিৰ সুবিধা আৰু জীৱিকাৰ প্ৰয়োজনত তেওঁলোক ব্ৰহ্মপুত্ৰৰ পাৰলৈ স্থানান্তৰিত হয়।

ইতিহাস সমৃদ্ধ হ’লেও শালমৰা আজিও উন্নয়নৰ মূলধাৰাৰ বাহিৰত। অঞ্চলটোত এখনো চিকিৎসালয় নাই; বাৰিষা প্ৰায় ছমাহ বিদ্যালয় বন্ধ থাকে, ফলত শিক্ষা ব্যৱস্থা স্থবিৰ হৈ পৰে। এই সময়ছোৱাত বেপাৰ-বাণিজ্য আৰু সাধাৰণ জীৱনধাৰণ একেলগে ব্যাহত হয়।নীতি-নির্ধাৰকৰ কাগজত উন্নয়নৰ পৰিকল্পনা থাকিলেও শালমৰাৰ বাস্তৱতাত তাৰ স্পষ্ট প্ৰতিফলন দেখা নাযায়। তথাপিও কঠোৰ পৰিশ্ৰম আৰু সহিষ্ণুতাৰে শালমৰাবাসীয়ে নিজৰ অস্তিত্ব জীয়াই ৰাখিছে।

শালমৰাবাসীৰ পৰম্পৰাগত বৃত্তি আছিল নাওঁ নিৰ্মাণ আৰু মৃৎশিল্প। বৰ্তমান সময়ত মৃৎশিল্পই এই জনগোষ্ঠীৰ প্ৰধান জীৱিকা। এই শিল্পৰ বাবে ব্যৱহৃত বিশেষ মাটিক ‘কুমাৰ মাটি’ বুলি কোৱা হয়, যি সাধাৰণতে বোঁৱতী সুঁতিৰ কাষৰ পৰা মাঘ ফাগুন মাহত খনন কৰি সংগ্ৰহ কৰা হয়। খনন কাৰ্য আৰম্ভ কৰাৰ আগতে মাটিৰ গুণাগুণ পৰীক্ষা কৰা হয়। বাঁহৰ হুলেৰে মাটি খুচি চাই মৃৎশিল্পৰ বাবে উপযোগী মাটি নিশ্চিত কৰাৰ পাছতেই খনন আৰম্ভ হয়। প্ৰথমতে ওপৰৰ বালিৰ স্তৰ আঁতৰোৱা হয়। এই প্ৰক্ৰিয়াক ‘পথাৰ বনোৱা’ বুলি কোৱা হয়। ওপৰৰ পানী ভিতৰলৈ সোমাব নোৱাৰে বাবেই ওপৰত ‘ড্ৰেইন’ৰ ব্যৱস্থা কৰা হয়। ইয়াৰ পাছত ঘূৰণীয়াকৈ মাটি খান্দি ভিতৰলৈ সোমোৱা হয়। স্থানীয় ভাষাত এই প্ৰক্ৰিয়াক ‘দোপ দিয়া’ বা ‘কুৱা খন্দা’ বুলি কোৱা হয। প্ৰায় ৬–৭ ফুট দলৈ গৈ এজন মানুহ থাকিব পৰাকৈ ঠাই তৈয়াৰ কৰা হয়, যাক ‘পোষ্ট’ দিয়া’ বুলি জনা যায়।এই পৰ্যায় অতিক্ৰম কৰাৰ পাছত প্ৰায় ৭–৮ মিটাৰ তলত গৈ কুমাৰ মাটি পোৱা যায়। মাটি ওলোৱা স্তৰ প্ৰায় ৫ ফুট দলৈ বিস্তৃত। এই সময়ত এজন লোকে মাটি কাটে এজনে ওপৰলৈ দলিয়ায় আৰু ওপৰত থকা আনজন ব্যক্তিয়ে সেই মাটি বাহিৰলৈ উলিয়াই দিয়ে। এই সমগ্ৰ প্ৰক্ৰিয়াক স্থানীয় ভাষাত ‘খনি দিয়া’ বুলি কোৱা হয়।

এই খনন কাৰ্যটো অত্যন্ত বিপজ্জনক। গাঁতৰ ওপৰৰ মাটি খহি পৰাৰ আশংকা সদায় থাকে, যাৰ ফলত বহু সময়ত মানুহৰ জীৱন-মৃত্যুৰ প্ৰশ্ন জড়িত হৈ পৰে বা বহুতৰ মৃত্যুও হৈছে আৰু স্থায়ী পঙ্গুত্বৰ ঘটনাও সংঘটিত হৈছে। তথাপিও জীৱিকাৰ বিকল্প নথকাৰ বাবেই শালমৰাৰ কুমাৰসকলে এই বিপদসংকুল কাৰ্য কৰে।

খনিৰ পৰা মাটি উলিওৱাৰ পাছত মাটিখিনি ভালদৰে খচি পৰিষ্কাৰ কৰা হয় আৰু কলহ–টেকেলিৰ লগতে অন্যান্য মৃৎশিল্পৰ নিৰ্মাণৰ উপযোগী কৰি ঘূৰণীয়াকৈ লডা বনোৱা হয়। মাটিৰ অতিশয় ডাঠ আৰু আঠালেতীয়া গুণ হ্ৰাস কৰিবলৈ ‘খোলনি’ দিয়া হয়। তাৰ পাছত ‘আফৰি’ আৰু ‘চোঁচনি’ নামৰ সঁজুলিৰ সহায়ত মাটিখিনি সুসংগঠিত কৰা হয়। পাত্ৰটোৰ মুখ স্থানীয় ভাষাত ‘গৰিব’ গঢ়াৰ পাছত সিহঁতক ৰ’দত শুকাবলৈ দিয়া হয় আৰু পুনৰ ‘শেলাই’ বা লেপন খুৱাই গাঁথনি মজবুত কৰা হয়।

শেষ পৰ্যায়ত বিশেষ প্ৰক্ৰিয়াৰে ‘পেঘালী’ত পোৰণৰ জৰিয়তে পাত্ৰসমূহ ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়। এই পোৰণ প্ৰক্ৰিয়া সম্পন্ন নোহোৱালৈকে মাটিৰ পাত্ৰসমূহ পূৰ্ণাঙ্গ বুলি গণ্য কৰা নহয়। এইদৰে পৰম্পৰাগত কৌশল, স্থানীয় পৰিভাষা আৰু নিজস্ব সঁজুলিৰ ব্যৱহাৰেৰে মাজুলীৰ কুমাৰ সকলে কলহ–টেকেলি নিৰ্মাণ কৰে। ইয়াৰ পিছত তেওঁ লোকে খৰালি কালত ব্ৰহ্মপুত্ৰ নদীয়েদি নাৱেৰে সৈতে গৈ বিভিন্ন স্থানত এই মৃৎশিল্প সমূহ বিক্ৰী কৰে।

শালমৰাৰ কুমাৰ সমাজৰ এই মৃৎশিল্প কেৱল এটা জীৱিকা নহয়। ই তেওঁলোকৰ ইতিহাস, সাহস, সহিষ্ণুতা আৰু অস্তিত্ব ৰক্ষাৰ এক নিৰৱ কিন্তু শক্তিশালী দলিল। স্থানীয় লোক সকলৰ মতে , আজিৰ তাৰিখত প্ৰায়‌ ৬০০ পৰিয়ালে এই শিল্পৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিছে। পূৰ্ব পূৰুষে আৰম্ভ কৰা এই সমাজ খনৰ যাত্ৰা কঠোৰ পৰিশ্ৰম এতিয়াও অব্যাহত আছে যদিও চৰকাৰে কুমাৰ মাটি খনন বন্ধ কৰাৰ ফলত কেঁচামালৰ তীব্ৰ সংকট সৃষ্টি হৈছে। তাৰ সমান্তৰালকৈ বজাৰ ব্যৱস্থাৰ অভাৱ, নতুন প্ৰজন্মৰ অনাগ্ৰহ আৰু প্ৰশিক্ষণ–প্ৰযুক্তিগত সহায় নথকাৰ কাৰণে মাজুলীৰ ঐতিহ্যবাহী মৃৎশিল্প আজি প্ৰায় সংকটৰ মুখত। এই সংকট কেৱল জীৱিকাৰ নহয়, এক শতিকা পুৰণি লোকসংস্কৃতি হেৰুৱাৰ সতর্কবাণী। সেয়ে এই অমূল্য শিল্প ৰক্ষাৰ বাবে চৰকাৰে তৎকালীন আৰু দৃঢ় পদক্ষেপ লোৱাটো অত্যাৱশ্যক। চৰকাৰীভাৱে অন্ততঃ কুমাৰ সকলক কুমাৰ মাটিৰ ব্যৱস্থা, মৃৎশিল্প প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন, চৰকাৰী আচঁনিৰ যোগেদি নতুন প্ৰজন্মক অনুপ্ৰাণিত আৰু পৰ্যটনভিত্তিক বিপনী ব্যৱস্থা গঢ়ি তুলিলে এই শিল্প পুনৰুজ্জীৱিত হ’ব পাৰে। লগতে চৰকাৰে শালমৰা অঞ্চলত এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিব লাগে। কুমাৰসকলক বিশেষ স্বাস্থ্য বীমা আঁচনিৰ আওতালৈ আনিব লাগে বুলি তেওঁ লোকে দাবী জনাই আহিছে। বানপানীৰ সময়ত চলন্ত চিকিৎসা সেৱা যোগান এতিয়ালৈকে চৰকাৰে ধৰিব পৰা নাই, এই ক্ষেত্ৰত চৰকাৰে মনোনিৱেশ কৰিব লাগে।

সেয়ে এই ক্ষেত্ৰত শালমৰাবাসীয়ে চৰকাৰক স্বাভাৱিক ভাৱে প্ৰশ্ন কৰে—এনে এক বিপজ্জনক জীৱন -জীৱিকা কটোৱা ৰ পাচতো, ন্যূনতম স্বাস্থ্য-সুৰক্ষা আৰু শিক্ষাৰ সুবিধা এতিয়াও নাই কিয়? উন্নয়ন যদি কেৱল চৰকাৰী ফাইল আৰু ভাষণৰ মাজতেই সীমাবদ্ধ থাকে, তেন্তে শালমৰাৰ দৰে অঞ্চলৰ বাসিন্দাৰ ভৱিষ্যৎ কিমান সুৰক্ষিত?

সেয়ে শালমৰাৰ মৃৎশিল্প ৰক্ষা মানে কেৱল অতীত সংৰক্ষণ নহয়— ই এক জীৱন্ত, সংস্কৃতি আৰু সুৰক্ষিত ভৱিষ্যৎ ৰক্ষাৰ দায়িত্ব। কাৰণ শালমৰাৰ মাটি কুমাৰৰ হাতৰ কেৱল পাত্ৰ নহয়, ইতিহাস গঢ়ে।