কুডুত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দুটাকৈ সোণৰ পদক অৰ্জন কৰা জয় চন্দ্ৰ মিলিক অ’ এন জি চি অসম সম্পদৰ মূখ্য কাৰ্যালয়ত আদৰণি

কুডুত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত দুটাকৈ সোণৰ পদক অৰ্জন কৰা জয় চন্দ্ৰ মিলিক অ’ এন জি চি অসম সম্পদৰ মূখ্য কাৰ্যালয়ত আদৰণি
যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- অ’ এন জি চি অসম সম্পদৰ কুডু প্ৰশিক্ষণ কেন্দ্ৰ ৰ পৰা প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় কুডু প্ৰতিযোগিতাত অংশগ্ৰহন কৰি দুটাকৈ সোণৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰা অ’ এন জি চি অসম সম্পদৰ বিষয়া জয় চন্দ্ৰ মিলিক গুজৰাটৰ পৰা আহি উপস্থিত হোৱাৰ পাছত ব্যাপক আদৰণি জনোৱা হয়৷উল্লখ্য যে গুজৰাটৰ চুৰাটত ২৩নবেম্বৰ পৰা অনুষ্ঠিত অক্ষয় কুমাৰ আন্তঃৰাষ্ট্ৰীয় কুডু টুৰ্ণামেণ্টত আৰু অল ইণ্ডিয়া ফেডাৰেচনকাপ কুডু টুৰ্ণামেণ্টত দুটাকৈ সোণৰ পদক লাভ কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় কুডু টুৰ্ণামেণ্টত ব্ৰঞ্জৰ পদক লাভ অসম তথা অ’ এন জি চি অসম সম্পদলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ কালি নিশা সুদক্ষ খেলুৱৈজন গুজৰাটৰ পৰা আহি নাজিৰাস্থ অ এন জি চি অসম সম্পদৰ মূখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত খেলুৱৈজনক উষ্ম আদৰণি জনোৱা হয়।