কুকুৰ – পংকজ ৰাজ (ৰৱিৰাজ)

pc-britenica

কুকুৰ
———-
কুকুৰ নুপহিব’! যদিহে পুহে মানুহ পুহক;নহ’লে কুকুৰে বংশ বৃদ্ধি কৰি দখল কৰিব আপোনাৰ ঘৰ! আৰু আপুনি ৰাস্তাত ধৰ্ণা দিব লাগিব কুকুৰ গ’বেক,এই দখল নচলিব!!
হয়তো সেই কুকুৰে কোনোবা দাঁতিত চেলেকিব পাৰে আপোনাৰ ভাৰ্যা বা জীয়াৰীৰ বুকু! কামোৰিব পাৰে ফুলকুমলীয়া ছোৱালীৰ মঙহ!!
কুকুৰক ভালপাব’চেষ্টা নকৰিব, নহ’লে ভাৰ্জিন হ’ব নাৰী! আৰু কুকুৰৰ লগত বন্ধুত্ব নকৰিব;নহ’লে নিশা আপুনি চিকাৰ হ’ব পাৰে কুকুৰৰ! আৰু কুকুৰৰ পৰা ন্যায় বিছাৰি হাজিৰ হ’ব লাগিব আপোনাৰ পৰিয়াল আদালতত।
কোনে কৈছে কুকুৰ প্ৰভুভক্ত?সিহতে মাথোঁন মালিকক চিকাৰ কৰাৰ উদ্দেশ্যে চেলেকি থাকে মালিকৰ গাল,ভৰি!
কুকুৰৰ শব্দত হয় আন্দোলন! সেই কুকুৰে মঙহ পালে এৰি দিয়ে কোনো দুষ্কৃতিক!!.এই কুকুৰক পুহি ক কি লাভ? তাতকৈ মানুহ পুহক!
মানুহে দিব ভক্তি,প্ৰেৰণা আৰু জীয়াই থকাৰ উৎস! ফুটপথৰ মানুহক পুহক ; আশীৰ্বাদ পাব’! মানুহৰ সৈতে বন্ধুত্ব কৰক প্ৰেম আৰু মৰম পাব’! মানুহৰ সৈতে মানুহ হৈ থাকক,মানৱতাৰে জীপাল হ’ব সমাজ!
কিন্তু ভূলটো কুকুৰ নুপুহিব’, নহ’লে দামী খাদ্য দান কৰোঁতে এদিন নিজে হৈ পৰিব কুকুৰৰ ভক্ষণৰ মূল লক্ষ্য!!

✍🏻 পংকজ ৰাজ (ৰৱিৰাজ)