কুকুৰ নেজীয়া বতাহজাক
—————————— ——
এদিন সেউজীয়াৰ প্ৰেমত পৰিছিলোঁ
আৰু দুখ লাগিছিল
যেতিয়া ঋতুৰ কৱলত
শোকাকুল পাতবোৰ সৰি পৰিছিল
সৰাপাতৰ খৰমৰনিত জন্ম হৈছিল
মোৰ নিচা লগা কবিতা,আৰু
অনুবাদ কৰিবলৈ ৰেৱাজ কৰিছিলোঁ
বেলিৰ পোহৰ, নদীৰ গান, বৰষুণৰ দুখ
আৰু যি বাটেৰে আহিছিলোঁ
তাত বনৰীয়া ফুলবোৰে
পাহাৰ বগোৱা কবিতা লিখিছিল
সুখাতুৰ পক্ষী এহালে হালধীয়া বৰণৰ চোলা পিন্ধি
সেউজীয়া কোৰাছৰ আখৰা কৰিছিল
মেঘবৰণীয়া কুকুনেজীয়া বতাহ জাকে
সিহঁতলৈ বুলি কাঁচলি ভৰাই
ৰ’দৰ পিয়াহ পাৰিছিল
মই খান্দি আছোঁ হালধীয়া পুখুৰী এটা
পিয়াহ আতুৰ সেউজীয়া পাহাৰবোৰৰ কাৰণে
যাৰ সিপাৰে গঢ় লৈ উঠিছে
আকাশ নীলা গাঁও এখন ।
