কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলনত অসমৰ সংগ্ৰামী সকলৰ অৱদান।
১৯৪২ চনৰ কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলন
ভাৰতৰ স্বাধীনতা আন্দোলনৰ যুগান্তকাৰী সংগ্ৰামী ধাৰা হিচাপে ইতিহাসৰ বুকুত জলজল-পটপটকৈ জিলিকি আছে। ১৯৪২ চনৰ ৮ আগষ্টত সৰ্ব ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটীৰ(AICC )বোম্বাই (বৰ্তমান মুম্বাই) অধিৱেশনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনক অন্ত পেলাবলৈ উদাত্ত ভাষণ প্ৰদান কৰিছিল। উক্ত অধিৱেশনতে সৰ্ব সন্মতি ক্ৰমে” কুইট ইণ্ডিয়া” প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ।
সিদিনাই জাতিৰ পিতা মহাত্মা গান্ধীয়ে বোম্বাইৰ গোৱালিয়া টেঙ্ক ময়দানত ( যাক বৰ্তমান ক্ৰান্তি ময়দান বুলি কোৱা হয় ) দেশবাসীক উদ্দেশ্যে বৈপ্লৱিক জ্বালাময়ী ভাষণেৰে ব্ৰিটিছ শাসকক ওফৰাই স্বাধীন ভাৰতৰ আন্দোলন তীব্ৰতৰ কৰিবলৈ ” কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ” আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই তেওঁ শ্লোগান আওৰাইছিল ” Do or die” মৰেঙ্গে ইয়া মাৰেঙ্গে, মাৰিম নহয় মৰিম ” । মহাত্মা গান্ধীৰ এই উদাত্ত ভাষণত উদ্বুদ্ধ হৈ লগে লগে ভাৰতৰ সকলো প্ৰান্ততে লাখ লাখ মানুহে ৰাজপথত ওলাই আহি” কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ ” আন্দোলনত জঁপিয়াই পৰিছিল।
আমাৰ অসম ৰাজ্যত ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ বিষময় ফলত জৰ্জৰিত হৈ ঔপনিৱেশবাদী ব্ৰিটিছ শাসকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এটি ঐতিহাসিক বৈপ্লৱিক চেতনা-প্ৰসূত উৰ্বৰ ভূমি হৈ আছিল। মহাত্মা গান্ধীৰ এই উদাত্ত ভাষণত অনুপ্ৰাণিত হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কংগ্ৰেছৰ বলিষ্ঠ নেতা লোক প্ৰিয় গোপীনাথ বৰদলৈ (পৰৱৰ্তী স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী ( ১৯৪৬-১৯৫০), স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতা তথা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা , বিষ্ণু ৰাম মেধি পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী ( ১৯৫০-১৯৫৭), ৰাজনৈতিক নেতা, স্বাধীনতা আন্দোলনৰ যুঁজাৰু, ৰোহিনী কুমাৰ চৌধুৰী পৰৱৰ্তী অসম মন্ত্ৰীসভাৰ মন্ত্ৰী, স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতা তথা ৰাজনৈতিক নেতা, তিলক চন্দ্ৰ চলিহা স্বাধীনতা যুঁজাৰু, ৰাজনৈতিক নেতা, প্ৰভাত চন্দ্ৰ বৰুৱা, স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতা তথা ৰাজনৈতিক নেতা, যতীন গোস্বামী, স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতা তথা ৰাজনৈতিক নেতা, স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতা তথা ৰাজনৈতিক নেতা কালিৰাম মেধি, মহেন্দ্ৰ নাথ ডেকা, ফখৰুদ্দিন আলি আহমেদ ( পৰৱৰ্তী ভাৰতৰ ৰাষ্ট্ৰপতি) মহম্মদ তৈয়বুল্ল্যা, মৌলানা আব্দুল জলিল চৌধুৰীকে আদি কৰি অসংখ্য নেতাৰ নেতৃত্বত অসমৰ ছাত্ৰ-ছাত্ৰী, কৃষক-শ্ৰমিককে আদি কৰি আবাল-বৃদ্ধ-বনিতাই কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত যেনে প্ৰতিবাদ,গণ-সমাৱেশ, গণ-মিছিল,ৰেলি, ধৰ্ণা, হৰতাল, পিকেটিং, সৰ্বাত্মক বন্ধ আদিত জঁপিয়াই পৰি গোটেই অসমতে স্বাধীন ভাৰতৰ পতাকা হাতত লৈ ” কুইট ইণ্ডিয়া, বন্দেমাতৰম, Do or die( মাৰিম নহয় মৰিম) শ্লোগানেৰে উত্তাল কৰি তুলিছিল। ১৯৪২ চনৰ ১০ আগষ্টত লোক প্ৰিয় গোপীনাথ বৰদলৈ আৰু বিষ্ণু ৰাম মেধিৰ নেতৃত্বত গুৱাহাটী নগৰত এক বিশাল গণ-সমদলে ব্ৰিটিছ শাসকৰ হৃদ-কম্পনৰ সৃষ্টি কৰিছিল। ১৯৪২ চনৰ চেপ্তেম্বৰ মাহত চাহ বাগিচাৰ বনুৱা সকলে সৰ্বাত্মক বন্ধ ঘোষণা কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ উদ্যোগ স্থবিৰ কৰি তুলিছিল। তেতিয়া ব্ৰিটিছ শাসকে এই আন্দোলন দমন কৰিবলৈ উঠি পৰি লাগিল। স্বাধীনতাকামী সংগ্ৰামী জনগণৰ ওপৰত জঁপিয়াই পৰি ব্ৰিটিছ শাসকৰ বৰ্বৰ পুলিচ বাহিনীয়ে লাঠি চাৰ্জ, টিয়াৰ গেছ নিক্ষেপ কৰিও প্ৰতিৰোধ কৰিব নোৱাৰি তেওঁলোকৰ ওপৰত নিৰ্মম ভাবে নিৰ্বিচাৰে গুলী বৰ্ষণ কৰাৰ ফলত অসংখ্য প্ৰতিবাদকাৰী সদস্যই হয় বেয়াকৈ জখম হৈ গোটেই জীৱন পঙ্গুত্বৰ জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছিল বা অসংখ্য প্ৰতিবাদকাৰী পুলিচৰ গুলীত মৃত্যুক আকোঁৱালি লৈছিল। ইয়াৰ উপৰিও নিষ্ঠুৰ ব্ৰিটিছ শাসকে আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা নেতাসকলক গ্ৰেপ্তাৰ কৰি কাৰাগাৰৰ অন্ধকাৰ কোঠাত কোনো বিচাৰ প্ৰক্ৰিয়া নচলাকৈ অনিৰ্দিষ্ট কালৰ বাবে আৱদ্ধ কৰি ৰাখিছিল। ব্ৰিটিছ শাসকৰ এই বৰ্বোৰিচত আক্ৰমণত অতীষ্ঠ হৈ অসমৰ নগাঁও, কামৰূপ, শিৱসাগৰ, গোৱালপাৰা আদি প্ৰায় সকলো জিলাতে কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলনে সহিংস ৰূপ ধাৰণ কৰি প্ৰতিবাদকাৰী সকলে নানা কুটাঘাতমূলক কাৰ্য চলাই যাবলৈ বাধ্য হৈছিল। চাৰিওফালে আৰম্ভ হ’ল ব্ৰিটিছ শাসকৰ আৱাসগৃহ , পোষ্ট অফিচ, টেলিফোন সেৱা, ৰে’ল ষ্টেচন, ৰাস্তা ঘাট ৰে’লপথ, দলং, পুলিচ মেলেটাৰী কঢ়িওৱা বাহন, মিলেটেৰী ছাউনী আদিৰ ওপৰত ধ্বংসাত্মক কাৰ্য। শিৱসাগৰ, নগাঁও আৰু ৰঙিয়াত ৰে’ল বগোৰোৱা কাৰ্য সংঘটিত হ’বলৈ ধৰিলে। গোলাঘাট জিলাত কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলনৰ গুৰি ধৰোঁতা কুশল কোঁৱৰৰ নেতৃত্বত গোলাঘাট জিলাৰ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ, পিকেটিং,সৰ্বাত্মক বন্ধ আদিৰে গোটেই জিলাখন উত্তাল কৰি তোলাৰ উপৰিও এটি সশস্ত্ৰ সংগ্ৰামৰ সৈতে জড়িত দলে সৰুপথাৰৰ ৰে’ল লাইন বিচ্ছিন্ন কৰি ৰে’ল বগোৰোৱাই দিয়াৰ ফলত অসংখ্য ব্ৰিটিছ পুলিচ আৰু মিলেটেৰি আহত বা নিহত হৈছিল। তেতিয়া ব্ৰিটিছ শাসকে এই কাৰ্যত কুশল কোঁৱৰ জড়িত বুলি সন্দেহ কৰি তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰৰ অন্ধকাৰ কোঠাত আৱদ্ধ কৰিছিল। তাৰ পিছত ১৯৪৩ চনৰ ২০ আগষ্টত বিচাৰৰ নামত ভেকোঁভাওনা কৰি ফাঁচিকাঠত ওলমাই দিছিল। লগে লগে গোটেই অসমতে বিপ্লৱৰ জুই দপদপকৈ জ্বলি উঠিল। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বিপ্লৱী কবিতা, গীত আৰু তেজোদীপ্ত বক্তৃতাত উদ্বুদ্ধ হৈ অসমৰ লাখ লাখ যুৱক-যুৱতী ” মৃত্যু বাহিনী” ত যোগদান কৰি স্বাধীন ভাৰতৰ তিৰংগা পতাকা হাতত লৈ গণ-মিছিল কৰি কৰি বিভিন্ন অনুষ্ঠানত তিৰংগা পতাকা উত্তোলন কৰি কুইট ইণ্ডিয়া, বন্দেমাতৰম ধ্বনি দিবলৈ ধৰিলে। ” মৃত্যু বাহিনী” ৰ নেতৃত্ব দি অঠৰ বছৰীয়া গাভৰু কনকলতাই ১৯৪২ চনৰ ২০ চেপ্তেম্বৰতগহপুৰ থানাত উপস্থিত হৈ পতাকা উত্তোলন কৰিবলৈ উদ্যত হোৱাৰ লগে লগে পুলিচৰ গুলীত শ্বহীদ হৈছিল। সিদিনাই নলবাৰীৰ মুকুন্দ কাকতীয়ো পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত মৃত্যুবৰণ কৰি শ্বহীদ হৈছিল।
ব্ৰিটিছ শাসকৰ এই বৰ্বোৰিচত আক্ৰমণতো পিছ হুহুকি নগৈ গোটেই অসমৰ গাঁৱে-ভুঞে,চহৰে নগৰে কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলনে জঙ্গী ৰূপ ধাৰণ কৰিবলৈ ধৰিলে। ১৯৪২ চনৰ ২৬ আগষ্টত নগাঁৱৰ বেবেজীয়া গাঁৱত ব্ৰিটিছ শাসকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সমবেত হোৱা হাজাৰ হাজাৰ জনতাৰ ওপৰত ব্ৰিটিছ শাসকৰ বৰ্বৰ পুলিচ বাহিনীয়ে নিৰ্বিচাৰে গুলী বৰ্ষণ কৰাৰ ফলত প্ৰতিবাদ থলীতে কলাই কোঁচ, হেমকান্ত বৰুৱা, হেমৰাম পাটৰ, গুণাভিৰাম বৰুৱা আৰু তিলক ডেকাই থিতাতে মৃত্যু মুখত পৰিছিল আৰু অসংখ্য প্ৰতিবাদকাৰী আহত হৈছিল।১৯৪২ চনৰ গণ আন্দোলনত বৰপেটা টাউন বজালী আৰু বৰনগৰ অঞ্চলত হাজাৰ হাজাৰ মহিলাই সংগঠিত হৈ গণ-সমাৱেশ, পিকেটিং, ৰেলি উলিয়াইছিল আৰু স্বাধীনতা দিৱস উদযাপন কৰিছিল। ছাত্ৰ-ছাত্ৰী সকলে কেৱল শ্ৰেণী বৰ্জন কৰা নাছিল, আত্মগোপন কৰি ” মৃত্যু বাহিনী” ক যোগদান কৰি সশস্ত্ৰ সংগ্ৰাম চলাই গৈছিল।
১৯৪২ চনৰ আগ মুহূৰ্তত পণ্ডিত জৱাহৰলাল নেহৰুৱে বৰপেটালৈ আহি স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতা তথা ৰাজনৈতিক দলসমূহক কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিবলৈ উদ্বুদ্ধ কৰাৰ বাবে এই নামনি অসমত আন্দোলনৰ তীব্ৰ জোঁৱাৰ উঠিছিল। ১৯৪৩ চনৰ ২৬ জানুৱাৰীত পাঠশালাত কংগ্ৰেছৰ বলিষ্ঠ নেতৃ চন্দ্ৰ প্ৰভা শইকীয়ানীৰ নেতৃত্বত নামঘৰত হাজাৰ হাজাৰ মহিলাই সংগঠিত হৈ ” স্বাধীনতা দিৱস” উদ্ যাপন কৰিবলৈ আৰম্ভ কৰোঁতে পাঠশালা থানাৰ পুলিচ বাহিনীয়ে জাতীয়তাবাদী সংগ্ৰামী মহিলা দলৰ ওপৰত জঁপিয়াই পৰি চন্দ্ৰ প্ৰভা শইকীয়ানীক নিৰ্মম ভাৱে লাঠি চাৰ্জ কৰি চোঁচোৰাই চোঁচোৰাই লৈ গৈ জেলত বন্দী কৰি ৰাখিছিল লগতে তেওঁৰ সহকৰ্মী গুণেশ্বৰী নাথকো গ্ৰেপ্তাৰ কৰিছিল আৰু পুলিচৰ প্ৰহাৰত ভূৱনেশ্বৰী দেৱী আঘাতপ্ৰাপ্ত হৈছিল। বৰপেটা জিলাৰ নলবাৰীৰ অসংখ্য প্ৰতিবাদকাৰী নেতাক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত এই অঞ্চলৰ সকলো মহিলা একগোট হৈ গ্ৰেপ্তাৰ কৰা নেতাসকলক মুক্ত কৰি দিবলৈ ১৯৪২ চনৰ ১৪ আগষ্টত নলবাৰী থানাৰ সন্মুখত চিঞৰি চিঞৰি শ্লোগান দিছিল। থানাৰ বিষয়াই প্ৰতিবাদকাৰীৰ সম্মুখত আহি গুলিওৱাব বুলি ধমকি দিয়াত ৰত্নপ্ৰিয়া নামৰ এগৰাকী বৃদ্ধাই চিঞৰি চিঞৰি কৈছিল, ” তোমালোকৰ সাহস আছে যদি আমাক গুলী কৰি হত্যা কৰা, তথাপি আমি ভয় নকৰোঁ। তেতিয়া পুলিচৰ দল পিছ হুহুকি গৈছিল। ১৯৪২ চনৰ ২৬ আগষ্টত বৰপেটাৰ সশস্ত্ৰ সংগ্ৰামৰ সংগ্ৰামী নেতা ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত গোটেই বৰপেটা অঞ্চলত ব্ৰিটিছ শাসকৰ আৱাসগৃহ, পোষ্ট অফিচ, ৰাস্তা ঘাট আৰু দলং ধ্বংস-প্ৰাপ্ত কৰাৰ উপৰিও মিলেটেৰীৰ অস্ত্ৰ-সস্ত্ৰ জব্দ কৰি ধ্বংস কৰাৰ পিছত আত্মগোপন কৰিছিল। কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ ১৯৪২ চনৰ ২০
চেপ্তেম্বৰত ঢেকিয়াজুলি টাউনৰ বাৰ বছৰীয়া কুমলীয়া ছোৱালী তিলেশ্বৰী বৰুৱাই সদলবলে গৈ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত মৃত্যুবৰণ কৰি শ্বহীদ হৈছিল।
এনেদৰে গোটেই ভাৰততে কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলনত দেশৰ অগণন জনগণে জঁপিয়াই পৰাৰ দৰে আমাৰ অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এই কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰি অহিংস বা সহিংস কাৰ্যসূচীৰে ব্ৰিটিছ শাসকক আক্ৰমণ চলাই বিপৰ্য্যস্ত কৰি তুলিছিল। দেশৰ লাখ লাখ সংগ্ৰামী জনতাৰ আত্মত্যাগৰ বিনিময়ত আজি আমি স্বাধীন ভাৰত লাভ কৰি স্বাধীন নাগৰিক হিচাপে জীৱন নিৰ্বাহ কৰি আছোঁ। গতিকে এই স্বাধীনতা যুঁজাৰুসকলৰ আত্মত্যাগৰ বিনিময়ত আমি বলিদান দিয়া উচিত, নহয় জানো? বিদ্ৰোহী কবি কাজি নজৰুল ইছলামৰ ভাষাত —
” জীৱনেৰ ফাঁচি মঞ্চে যাৰা গেয়ে গেলো গান,
অলক্ষ্যে আজ দাড়িয়েছে তাৰা
দিবে কোন বলিদান? “
নাছিৰ আহমেদ ,শিমলাবাৰী গোৱালপাৰা