কুঁৱলী ৰাণীৰ স’তে ফিৰফিৰিয়া এছাটি বতাহ – যমুনা দুলু বৈশ্য

কুঁৱলী ৰাণীৰ স’তে ফিৰফিৰিয়া এছাটি বতাহ

যমুনা দুলু বৈশ্য
শুৱালকুছি (বাথান )

আহিন আহিল ,শৰৎ আহিল
ৰৈ আছো ফিৰফিৰিয়া এজাক বতাহ পাবলে
শেৱালিৰ সুগন্ধি মোৰ নাকত লাগিল
চিকুনাই থৈছোঁ পদূলিৰ চোতাল
সেউজীয়া দুবৰিৰ নিঁয়ৰত তিতি থকা
কুঁৱলী ৰাণীৰ কোমল চাদৰখন
গাত লৈ
নীল আকাশৰ মেঘৰ স’তে
সূৰুযৰ ৰ’দালিৰ উম লবলৈ
চোতাল ভৰি ৰ’দালিৰ ৰং হয় বলিয়া
সময় মতে আহে যে শৰৎ
চোৱাচোন চোন ঐ বান্ধৈ
সৌ নদীৰ পাৰৰ কঁহুৱানি ডৰা দেখিলে
কিয়নো উৰি যায় উল্লাসত মন ঐ
সেই নাচোন হৃদয় পৰশি
ঋতুৰ শৰৎ আবেগত
মায়ে দিয়া ৰিহাৰ কাপোৰ যোৰ
আলমাৰীৰ পৰা ওলোৱাৰে হ’ল
গৰমত পিন্ধিব নোৱাৰি ,অতি যতনেৰে
সাঁচি ৰাখিছো
বহু আশাৰে অপেক্ষা মাথো
সুখ -দুখৰ ঋতুৰ স’তে সময়ৰ হেঁপাহবোৰ
এছাটি মলয়াৰ আমেজৰ স’তে
নিজকে সঁজাবৰে হ’ল ।