কি লাইনত পঢ়িলে সোনকালে অধিক দৰমহাৰ চাকৰি পোৱা যাব? – ড°বুলজিৎ বুঢ়াগোহাঁই

কি লাইনত পঢ়িলে সোনকালে অধিক দৰমহাৰ চাকৰি পোৱা যাব?

ড°বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা   তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়

২০০৫ চনৰ পৰা প্ৰতি শনিবাৰে সন্ধ্যা ৬ বজাৰ পৰা ৯ বজালৈ ফোন (০৯৪৩৫১৮৮৬৩০) যোগে অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক বিনামূলীয়াভাৱে কেৰিয়াৰ পৰামৰ্শ দি আহিছোঁ। এই সময়ছোৱাত শিক্ষাৰ্থী তথা অভিভাৱকসকলে সঘনাই সোধা প্ৰশ্নটো হ’ল  – ” কি লাইনত পঢ়িলে সোনকালে অধিক দৰমহাৰ চাকৰি পোৱা যাব?”

এই প্ৰশ্নৰ উত্তৰ কেৱল এটা বিশেষ শিক্ষাগত শাখা বা ডিগ্ৰীৰ ওপৰত নিৰ্ভৰ নকৰে।  কাৰণ, অধিক উপাৰ্জনৰ পথ নিৰ্ধাৰিত হয় শিক্ষাৰ্থীৰ ব্যক্তিত্ব, আগ্ৰহ, দক্ষতা, লগতে বৰ্তমানৰ চাহিদা আৰু ভৱিষ্যতৰ বজাৰৰ সম্ভাৱনাৰ ভিত্তিত। তথাপিও জনসাধাৰণৰ মাজত এই ক্ষেত্ৰত সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে, কিছুমান গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ।   প্ৰথমতে উল্লেখ কৰিবলগীয়া কথা হ’ল — শিক্ষাৰ্থীয়ে কলা, বিজ্ঞান বা বাণিজ্য — যিকোনো শাখাৰ শিক্ষাত ভালদৰে উত্তীৰ্ণ হ’লেই যথেষ্ট নহয়; সফলতা তেতিয়াহে সম্ভৱ, যেতিয়া তেওঁ নিজৰ অভ্যন্তৰীণ সক্ষমতা, আগ্ৰহ আৰু জীৱনৰ লক্ষ্যৰ সৈতে সঙ্গতিপূৰ্ণ উপযুক্ত কেৰিয়াৰ নিৰ্বাচন কৰে। সেয়ে প্ৰতিজন শিক্ষাৰ্থীয়ে প্ৰথমে নিজৰ ব্যক্তিত্ব গভীৰভাৱে চিনাক্ত কৰা উচিত — তেওঁ কি ধৰণৰ ব্যক্তিত্বৰ অধিকাৰী — অন্তৰ্মুখী, বহিৰ্মুখী, বাস্তৱধৰ্মী, অনুসন্ধানী, শৈল্পিক, সামাজিক, উদ্যমী নে গতানুগতিক।  নিজৰ ব্যক্তিত্বৰ সৈতে সঙ্গতিপূৰ্ণ কেৰিয়াৰ বাছনি কৰিলে, সেই পথত আত্মবিশ্বাস বৃদ্ধি পায়, জীৱনলৈ সন্তুষ্টি আহে, আৰু দীঘলীয়া সফলতা লাভৰ সম্ভাৱনাও অধিক হয়।  কেৱল শিক্ষাগত অৰ্হতা থাকিলেই নহয়, আজিৰ যুগত চাকৰি লাভৰ ক্ষেত্ৰত প্ৰযুক্তিগত দক্ষতা, আন্তঃ-ব্যক্তিক কৌশল, আৰু চিন্তা-ভিত্তিক সমস্যা সমাধানৰ ক্ষমতাও সমানে গুৰুত্বপূর্ণ। তথাপিও দেখা যায় যে বহু শিক্ষাৰ্থীয়ে উচ্চ নম্বৰ অৰ্জন কৰিও চৰকাৰী বা ব্যক্তিগত খণ্ডত আশানুৰূপ নিযুক্তি লাভ কৰিব নোৱাৰে। ইয়াৰ মূল কাৰণ হ’ল — কেৱল ডিগ্ৰী থাকিলেই নহয়; আজিৰ প্ৰতিযোগিতামূলক যুগত বাস্তৱিক দক্ষতা ,ব্যৱহাৰিক জ্ঞান আৰু সময়ৰ চাহিদা অনুসৰি নিজকে সদায় আপডেট কৰি ৰাখিবলৈ সক্ষম হোৱাটো অত্যাৱশ্যক। চাকৰিৰ বাহিৰেও নিজস্ব সৰু-বৰ উদ্যোগ গঢ়ি তোলা বা ব্যৱসায়-বাণিজ্য আৰম্ভ কৰাৰ জৰিয়তে নিজে উপাৰ্জনক্ষম হৈ উঠিব পাৰি; লগতে আনকো চাকৰি দিয়াৰ সুযোগ সৃষ্টি কৰিব পাৰি।

শেষত উল্লেখ কৰিবলগীয়া মূল কথাটো হ’ল — ভুকুতে কল নপকে, পকিবলৈ সময় লাগে। চাকৰি হওক বা ব্যৱসায়ে — অধিক দৰমহা বা উচ্চ উপাৰ্জনৰ পথত গভীৰ অধ্যয়ন, সঠিক প্ৰশিক্ষণ, আৰু কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। অধিক উপাৰ্জন সেইসকলৰ বাবে সম্ভৱ, যিয়ে নিজৰ আগ্ৰহ, ব্যক্তিত্ব, আৰু সময়ৰ চাহিদাৰ সৈতে সঙ্গতিপূৰ্ণভাৱে দক্ষতা ভিত্তিক পাঠ্যক্ৰম আৰু উচ্চ-চাহিদাৰ খণ্ড   কেৰিয়াৰ বাছনি কৰে।