কিৰিষিণা – জিণ্টু চাংমাই

Pc Popular Science

কিৰিষিণা

জিণ্টু চাংমাই ,গেন্ধালী মাজৰআটি ,নগাঁও 

শূণ্য এটা আনটো শূণ্যলৈ বিযোগী হৈ
দিনৰ বেলি চাউলকঠা আবেলি লৈ যাওঁতে,
ৰাতিৰ পেট হেন জোনৰ আগত কথাবোৰ আওৰাইছে।
আইৰ আখলৰ উধানত সৈৰিক পিতাইৰ সপোন
কিমান পৰিমাণ কম আছিল সেই ভালপোৱা,
খাণ্ডৱ দাহত সপোন ঢুকাল
চোতালখন ডাঙৰ হওঁতে ভঁৰালটো লুকাল।
মুখৰ লগতে চকুৰ আওকাণ
শেষ হোৱাকৈ প্ৰীতি পথাৰত গহৰা গজ আৰু সঁচ,
আওমৰণে কত কবি মৰিছে;
শোভাযাত্ৰাত হাঁহি হ’ব পৰাকৈ কিমান কুশলে?
কবিতা আৰু কবিৰ খেতিখোলা।
নিশ্চয়
ভালে আছে
অৰণ্য খহাই গছ গঢ়া ছুট বুট অট্টালিকা।