কিয়েভত প্ৰেম-পুলিন ডেকা

PC-dreamstime.com

কিয়েভত প্ৰেম

ইউক্ৰেইনৰ কবি – নাটালকা বিলটচাৰ্কিভেটছ
অনুবাদ ––– পুলিন ডেকা

তেজস্বী ভেনিচবাসীৰ আৱেগতকৈ কিয়েভত
প্ৰেম ভয়াৱহ । পখিলা পোহৰ দিয়া আৰু
প্ৰজ্বলিত দীপশিখাক ধূসৰিত কৰা – মৃত্যু পলুৰ
সমুজ্জ্বল পাখি উজলি আছে।
আৰু বসন্তই গুলিৰে সজোৱা মমবাতি জ্বলাইছে
সুলভ লিপষ্টিকৰ কোমল শিহৰণ
মিনিস্কাৰ্টৰ নিৰ্ভীক নিষ্পাপতা
আৰু এই কেশবিন্যাস, যিবোৰ একেবাৰেই
সঠিক নাছিল –
তথাপি প্ৰতিচ্ছবি,স্মৃতি আৰু চিহ্নবোৰে আমাক সকলোকে
আন্দোলিত কৰে …..
ই শেহতীয়া আঘাতৰ দৰে কৰুণভাৱে স্পষ্ট
দুৰ্বৃত্তৰ চুৰিকাঘাতত ইয়াত তোমাৰ মৃত্যু হ’ব
কলংকচিহ্নৰ ভিতৰত মামৰৰ দৰে তোমাৰ তেজ বিয়পি পৰিব
বীথিকাত থকা ছাটি এটাৰ ভিতৰত নতুন অডি
বাৰাণ্ডা,আকাশৰ পৰাই তুমি ইয়াত নিমজ্জিত হ’বা
ক’লা মেঘেৰে আৱৰি থকা তোমাৰ পেৰিচলে’ মূৰ পোনাই চোৱা
একেবাৰেই শুভ্ৰ ব্লাউজ পিন্ধি
মৃত্য়ুৰ পৰা তুমি বুজিব নোৱাৰিবা বিয়াৰ উপলব্ধি
নতুন সাম্যবাদ ধাৰণাঃ ছায়ামূৰ্তিতকৈ
কিয়েভৰ প্ৰেমত পৰাটো অতিশয় ভয়াৱহ
নিচাসিক্ত নিশাবোৰৰ উত্থান হওক
লঠঙা পৰ্বতৰ বাহিৰত ,ৰঙা পতাকা আৰু ৰঙা গছৰ
পাত্ৰ
সিহঁতে হাতত কঢ়িয়াইছে।
দুৰ্বৃত্তৰ চুৰিকাঘাতত ইয়াতে তোমাৰ মৃত্যু হ’ব
এখন বাৰাণ্ডা, আকাশৰ পৰা জঁপিয়াবা
ৰাজআলিত থকা ছাতি এটাৰ ভিতৰত নতুন অডি
মেঘাচ্ছন্ন অল্পকায় তোমাৰ পেৰিচলে’ মূৰ ঘূৰাই
চোৱা
শুভ্ৰ ব্লাউজৰ ওপৰত মামৰৰ দৰে
বিয়পি পৰিব তোমাৰ ৰক্ত।