কিশোৰী সকলৰ স্বাস্থ্যৰ যতন – ইভা গন্ধীয়া ফুকন 

Pc Unsplash

কিশোৰী সকলৰ স্বাস্থ্যৰ যতন

ইভা গন্ধীয়া ফুকন 

কৈশোৰ ,অৰ্থাৎ ১১ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰৰ কালছোৱা জীৱনৰ এক উদ্বেগপূৰ্ণ সময়। কিশোৰ- কিশোৰী উভয়ৰে শাৰিৰীক পৰিবৰ্তন হয়।এই সময়ছোৱাত এগৰাকী কিশোৰীয়ে কন্যাকাল লাভ কৰি ঋতুমতী হয়। এই সময়ছোৱাত শাৰিৰীক পৰিবৰ্তন হোৱাৰ লগতে মানসিক আৰু সামাজিক দিশতো পৰিৱৰ্তন আহি পৰে ।

শাৰীৰিক পৰিবৰ্তন যেনে ওজন বাঢ়ে, ওখ হয়,বুকু উঠন হয়, নিতম্ব বহল হয়, ঋতুমতী হয়। শৰীৰৰ বিভিন্ন অংগৰ পৰিবৰ্তন হয় । এগৰাকী কিশোৰী ৯- ১৩ বছৰৰ ভিতৰত ঋতুমতী হয়। এইয়া প্ৰকৃতিৰ নিয়ম । এই সময়ত কিশোৰী গৰাকী মানসিক ভাৱে কিছু অসহজ হৈ থাকে। এই ক্ষেত্ৰত মাকৰ দিহা পৰামৰ্শ খুবেই প্ৰয়োজন। লগতে পৰিয়ালৰ আন আন সদস্যৰো সহযোগিতাৰ প্ৰয়োজন। তাতে আমাৰ সমাজত পুৰনিকলীয়া কিছু নিয়ম- নীতি বন্ধা আছে। এই সময়ছোৱাত কিশোৰী গৰাকীৰ প্ৰতি কঠোৰ নহৈ এই এইটো কৰিব নাপায় এইটো চুব নাপায় আদিৰ পৰা শিথিল হোৱা দৰকাৰ।

ঋতু কালত পৰিষ্কাৰ -পৰিচ্ছন্নতা ৰক্ষা কৰাটোহে আচল কথা । দৈনিক গা ধুই পৰিষ্কাৰ পেড,নেপকিন আদি ৰ’দত শুকুৱাই পৰিধান কৰিব লাগে। এই সময়ত জিৰণিৰ দৰকাৰ। গধুৰ বস্তু আদি দঙা মেলা কৰিব নালাগে। এই সময়ছোৱাত মানসিক উন্নতি ক্ষিপ্ৰ হয়,বুদ্ধিবৃত্তি বাঢ়ে, ভাবুক হয়। শৰীৰ চৰ্চাৰ ওপৰত বিশেষ ধ্যান দিয়া উচিত। এই কালছোৱাত ব্যায়াম, যোগাসন, খোজকঢ়া আৰু ধ্যান আদিৰ দ্বাৰা নিজকে সুস্থ সবল কৰি ৰাখিব পাৰে।

কিশোৰী সকলক ঋতুকালিন জ্ঞান দিয়াৰ উপৰিও যৌন শিক্ষা দিয়া খুবেই প্ৰয়োজনীয়তা আহি পৰিছে।বাল্যবিবাহ কিশোৰী অপহৰণ আদি ব্যাধি সমূহৰ পৰা নিজকে ৰক্ষা কৰাৰ জ্ঞান থকা দৰকাৰ। নিজে পঢ়া- শুনা কৰি আত্মনিৰ্ভৰশীল হৈ নিজৰ ভৱিষ্যত উজ্জ্বল কৰাৰ বিষয়ে জ্ঞান দিয়াৰ গধুৰ দায়িত্ব পৰিয়ালৰ লগতে সমাজৰো আহি পৰে। মহিলাৰ অধিকাৰ, মহিলা সুৰক্ষা আইন জনা খুবেই প্ৰয়োজনীয়। বাল্য বিবাহ আইন আদিৰ ওপৰত সজাগতামূলক সভা আদি আয়োজন কৰি কিশোৰী সকলক সজাগ সচেতন কৰি তোলাৰ বাবে সজাগতা সভা আয়োজন কৰা হয়। ২০০৮ চনৰ পৰা ৰাষ্ট্ৰীয় কন্যা শিশু দিবস পালন কৰি অহা হৈছে। কন্যা সন্তানৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য আৰু পৰিপুষ্টিৰ বিষয়সমূহৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে সজাগতা সৃষ্টিৰ মূল লক্ষ্য হিচাপে লৈ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। ২৪ জানুৱাৰী দিনটো প্ৰত্যেক বছৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিবস পালন কৰি অহা হৈছে।

কিশোৰী সকলক শক্তি আৰু স্বাস্থ্যৰ বাবে বিভিন্ন ধৰণৰ খাদ্য আৰু সুষম আহাৰৰ প্ৰয়োজন। আমাৰ সমাজ বা ঘৰখনত ল’ৰাক আগতে খাবলৈ দি বাচি থকাখিনিহে ছোৱালীক দিয়া হয় । অপ্ৰিয় হ’লেও কথাটো কিন্তু সত্য। ল’ৰাতকৈ ছোৱালীক বেছিকৈহে পুষ্টিকৰ আহাৰৰ প্ৰয়োজন হয়। যিমানে ল’ৰা -ছোৱালী সমান বুলি চিঞৰি থাকিলেও প্ৰভেদ কিন্তু আঁতৰ হোৱা নাই। এই ক্ষেত্ৰত আমি মহিলা সকলে বহু ক্ষেত্ৰত দায়ী যেন লাগে।