কিয় কথা দিয়া
ৰূপালী গগৈ চুতীয়া
ডিব্ৰুগড়
শুনিছোঁ তুমি নৰিয়াত
খবৰ লোৱা বাটত
কিয় বাধাৰ লতা লগাই
কাঁইট ঢালি দিয়া
যি কাঁইটৰ ৰখীয়া
মোক ৰাখিলা ,
উপায় বিহীন নাৱৰ
বঠা হাতত দি
কিয় উজাগৰী ৰাতি
অকলে কতাইছা ?
কিয় বাৰে বাৰে
কথা দিয়া ?
যদিও সন্মত হ’ব নোৱাৰি
তোমাৰ বাবে ত্যাগ কৰি
সঁচা প্ৰেমৰ প্ৰমাণ দি আছোঁ
তথাপিও
খবৰ লবলৈ নীল বৰণৰ
পোহৰ চাওঁ
কিজানি তোমাৰ বাতৰি পাওঁ ।
উপায় বিহীন হৃদয়ক
সদায় বুজাই কওঁ
আহিব ভাল দিন
জীৱন পোহৰাব পৰাকৈ
হাতত সময় থাকিব ,
সমন্ধ বোৰ যুগমীয়া হ’ব
আশাৰ পাপৰিত অংকুৰিত
ফুল আৰু ফল
সকলো আমাৰ হ’ব,
সেইদিনা বৃন্দাবনত
ৰাধা কৃষ্ণই ৰাস লীলা
কৰি পৃথিৱী পোহৰ কৰিব
পোহৰ কৰিব!