কিমান দিন বুৰ্বক বনাই থাকিব জনসাধাৰণক –  শৈলেন কুমাৰ

কিমান দিন বুৰ্বক বনাই থাকিব জনসাধাৰণক ( প্ৰসংগ গৰু আৰু গুৰু )

 শৈলেন কুমাৰ, মিৰ্জা

শেহতীয়াকৈ অসমৰ কেওফালে চৰ্চিত কাণ্ড কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভুৰ বিদেশ ভ্ৰমণৰ লগতে তেখেতে পৰিধান কৰা পোছাকলৈ বিতৰ্কৰ সৃষ্টি হৈছে ৷ বৰ্তমান সমাজব্যৱস্থাত যিকোনো ক্ষেত্ৰত বিতৰ্ক সৃষ্টি কৰি অধিকাংশৰ বাবে হাঁহিৰ খোৰাক তুলি আমোদ লোৱাটো অভ্যাসত পৰিণত হৈছে ৷ গুৰুগোসাই নমনা একাংশৰ বাবে ধৰ্মক তুচ্ছতাছিল্য কৰাটো স্বভাৱ ৷ অনুশাসন,কঠোৰ পৰিশ্ৰম,সাধনাৰ লগত দূৰদুৰলৈ সম্পৰ্ক নথকা জনৰ বাবে সামাজিক দায়িত্ববোধ থকা গুণীজ্ঞানী জনক তুচ্ছতাছিল্য কৰি সমাজত হেয় প্ৰতিপন্ন কৰাটো মুৰ্খ অজ্ঞানীৰ বাবে উন্মুক্ত উন্মাদনা ৷ আমি উন্নতিৰ অৰ্থ টকাপইচা,সা-সম্পত্তিৰ বৃদ্ধি হোৱাটো বুজি পাওঁ ৷ কিন্তু মায়ামোহৰে আৱৰি থকা প্ৰকৃতিখনৰ প্ৰকৃতস্বৰূপ জনাৰ পৰা বঞ্চিত হওঁ ৷ যাৰবাবে নিজস্বতা হেৰুৱাই মেৰুদণ্ডহীন পংগুত্বৰ জীৱন অতিবাহিত কৰিবলৈ আমি বাধ্য হওঁ ৷ কৰ্মহীন,অকৰ্মণ্য জীৱন এটাই সকলো বিষয়বস্তুত বিতৰ্ক আনি নিজৰ লগতে সমাজবিৰোধী চিন্তাচৰ্চাত বৰ্তি হৈ থাকে ৷ আধুনিকতাবাদৰ দৌৰত কোনোবা ধৰ্মগুৰুক বিৰ্তকৰ মাজত টানি অনাটো সভ্য সমাজৰ বাবে সস্তীয়া আৰু লজ্জাজনক বিষয় ৷ এতিয়া আহোঁ আন এটা চৰ্চিত বিতৰ্কলৈ ৰাজসাহায্য কেলেংকাৰী বিতৰ্ক ৷ ৰাজনৈতিক প্ৰেক্ষাপটত দুৰ্নীতি,কেলেংকাৰী হোৱাটো নতুন কথা নহয় ৷ পৌৰাণিক দিনৰ পৰা চলি অহা এটা প্ৰথা ৷ ক্ষমতাৰ নিচাহে বহু ৰজামহাৰজাক শীৰ্ষত বহুওৱাৰ লগতে আন বহুজনক অৱনমিত কৰাও দেখা যায় ৷ সমাজ আৰু প্ৰকৃতিৰ বিৰুদ্ধাচৰণ কৰি কোনো ৰথী – মহাৰথীয়ে সৰ্বকালৰ বাবে সৰ্বব্যাপি হৈ তিষ্টি থাকিব নোৱাৰে ৷ আৰম্ভণিৰ সৃষ্টিতে অন্তও নিৰ্ধাৰিত হৈ থাকে ৷ আমি জ্ঞাত দ্বাপৰ যুগত কিদৰে ক্ষমতাৰ ৰাগীত বলীয়ান হৈ ১০০ কৌৰৱ নিধন হব লগা হৈছিল,কুৰুক্ষেত্ৰৰ মহাৰণ মহাভাৰত সাক্ষী স্বৰূপে যুগেযুগে মানৱসমাজক আঙুলিয়াই থাকিব ৷ কথাতেই আছে এশ গৰু মাৰিলে বাঘৰো মৰণ ৷