কিমান আসন পাম আমিও হিচাপ কৰি শেষ কৰিব নোৱাৰিমঃ মুখ্যমন্ত্রী ড° শর্মা

কিমান আসন পাম আমিও হিচাপ কৰি শেষ কৰিব নোৱাৰিমঃ মুখ্যমন্ত্রী ড° শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা- মনোনয়ন দাখিলৰ অন্তিম দিনটোতেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- অসমত এইবাৰ ইতিহাস সৃষ্টি কৰি বিজেপি-মিত্ৰদলৰ চৰকাৰ  হ’ব। বিধানসভা নির্বাচনক লৈ ৰাজ্যত চলি থকা ব্যাপক ৰাজনৈতিক তৎপৰতাৰ সমান্তৰালভাৱে বিৰোধী ঐক্যৰ নির্বাচনী কুচকাৱাজৰ মাজতে ২০২৬ত সকলো অভিলেখ ভংগ কৰি বিজেপিৰ নেতৃত্বত এনডিএৰ চৰকাৰ গঠনৰ দৃঢ় দাবী তুলি মুখ্যমন্ত্রী ড° শর্মাই কয়- এই নির্বাচনত জনতাৰ যিটো আগ্রহ, বিশেষকৈ বিৰোধী দলৰ প্রার্থী আৰু পৰিৱেশ, তাৰ পৰা সহজে অনুমান কৰিব পাৰি এইবাৰ বিজেপি আৰু মিত্রদলে সকলো অভিলেখ ভাঙি এখন শক্তিশালী চৰকাৰ অসমত গঠন কৰিব। ইয়াত কোনো সন্দেহ নাই। উল্লেখ্য যে জন আশীর্বাদ যাত্ৰাৰে ইতিমধ্যে উজনি-নামনিত বিজেপিৰ ছুনামি আনিবলৈ সক্ষম হোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিলৰ সময়তে এক বিজয়ৰ ইংগিত দাঙি ধৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে মিত্ৰতাৰ নামত বিগত সময়ছোৱাত নানান বিতর্ক, অভিযোগ-প্রতিঅভিযোগৰ মাজত ব্যস্ত থকা বিৰোধীয়ে মিত্রতা গঠন কৰিবলৈ সক্ষম হ’ল যদিও বিৰোধীৰ মিত্ৰতা কাগজতে সীমাবদ্ধ থাকিব বুলি আজি পুনৰ সৰৱ হ’ল মুখ্যমন্ত্রী। গোলাঘাটত আজি অগপ সভাপতি অতুল বৰাৰ লগতে বিজেপি প্রার্থীৰ মনোনয়ন দাখিলত অংশ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয়- এনডিএত জয় হ’ব লগা আসনৰ সংখ্যা এতিয়াই কোৱা টান যদিও যিবোৰ আসন আমি পোৱাৰ সম্ভাৱনা কম আছিল, সেইবিলাক আসনো এতিয়া বিৰোধীৰ মিত্ৰতাৰ বাবে আমাৰ বাবে ভাল হৈ গৈ আছে। বিৰোধীয়ে মিত্রতা কৰিলে যদিও বহুত পলম কৰিলে। মিত্ৰতা কৰি তেওঁলোকে দুই-চাৰিখন সভা অনুষ্ঠিত কৰিবলৈও সময় নাপালে। গতিকে, এই মিত্রতা কাগজতেই থাকি যাব, ই ফিল্ডত গৈ নাপায়। মই নিশ্চিত এইবাৰ অসমত এনডিএৰ এখন শক্তিশালী চৰকাৰ গঠন হ’ব। আনহাতে, কলিয়াবৰত আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীৰ মন্তব্য- বিজেপি আৰু মিত্রদলে কিমান আসন লাভ কৰিব, সেয়া হিচাপ কৰি শেষ কৰিব পৰা নাই। গতিকে, ৯ এপ্রিললৈ আমি অপেক্ষা কৰিব লাগিব। কিন্তু এইবাৰ আমি অভূতপূর্ব ভাল ফলাফল কৰিবলৈ সক্ষম হ’ম।  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হৈছে বিজেপি আৰু মিত্ৰদলৰ ব্যাপক প্ৰচাৰ অভিযান। এনে প্ৰচাৰ অভিযানৰ মাজতে আজি পুনৰবাৰ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক কটাক্ষ কৰিলে মুখ্যমন্ত্রী ড° শর্মাই। যোৰহাট সমষ্টিৰ বাবে আজি মনোনয়ন দাখিল কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীৰ মন্তব্য- গৌৰৱ গগৈয়ে পাকিস্তানত মনোনয়ন দিলে বেছি ভোট পালেহেঁতেন। মুখ্যমন্ত্ৰীয়ে কয়- গৌৰৱ গগৈয়ে মনোনয়ন দিছে তাৰ বাবে শুভেচ্ছা জনাইছোঁ, কিন্তু ভাৰততকৈ তেওঁ পাকিস্তানত মনোনয়ন দিলে বেছি ভোট পালেহেঁতেন। আনহাতে, আদর্শ কংগ্ৰেছী বুলি বিৰোধীয়ে বিজেপিক কৰা কটাক্ষৰ বিপৰীতে আজি মুখ্যমন্ত্ৰীৰ সংবাদ মাধ্যমৰ আগত মন্তব্য- আদর্শ কংগ্ৰেছী বুলি কি ধৰণে দাবী কৰে। যিসকলে এপিএছচিৰ চাকৰিৰ নামত ডেৰ-দুই কোটি টকাকৈ ঘোচ লৈছিল আৰু যিসকলে বিনা পইচাত চাকৰি দিছে-তুলনা কৰক আদর্শ কাৰ লগত আছে। তেওঁ কয়- এটা চৰকাৰী চাকৰি দিয়াৰ নামত এই তথাকথিত আদর্শ থকাসকলে ডেৰ কোটিকৈ টকা লৈছিল। আৰু বিজেপিয়ে ডেৰ লাখ দুখীয়া যুৱক-যুৱতীক বিনা পইচাত চাকৰি দিছে। গতিকে, আদর্শ কাৰ লগত আছে? ইফালে, বিজেপিত একাংশ প্রার্থিত্বপ্রত্যাশীয়ে কৰা বিদ্ৰোহৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়- প্রার্থিত্ব ১,৪০০জনে বিচাৰিছিল। এই ১,৪০০ প্রার্থীৰ ভিতৰত খুব বেছি ১০ গৰাকী প্রার্থী আমাৰ মাজৰ পৰা হয়তো আঁতৰি গৈছে বা আন দলত যোগদান কৰিছে। অইনবাৰৰ তুলনাত এয়া অতি নগণ্য। গতিকে, দলৰ বাবে এয়া ক্ষতিকাৰক নহয়।